ETV Bharat / state

ৰিপুণ বৰা আৰু ৰাণা গোস্বামীৰ নেতৃত্বত বাঘজানত উপস্থিত কংগ্ৰেছৰ এটা সজাতি দল - বাঘজান

বাঘজানৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি দুৰ্গত ৰাইজৰ সকলো বিষয়ৰ বুজ লয় কংগ্ৰেছৰ দুই নেতাই । অইল ইণ্ডিয়াৰ চৰম অৱহেলা আৰু অকৰ্মণ্যতাৰ লগতে ৰাজ্য চৰকাৰৰ চুড়ান্ত গাফিলতিৰ ফলত বাঘজানৰ পৰিস্থিতি শাম কটাৰ পৰিৱৰ্তে অধিক জটিল ৰূপ ধাৰণ কৰিছে বুলি অভিযোগ কৰে নেতা দুগৰাকীয়ে ।

Ripun Bora and Rana goswami visited Baghjan
ৰিপুণ বৰা আৰু ৰাণা গোস্বামীৰ নেতৃত্বত বাঘজানত উপস্থিত কংগ্ৰেছৰ এটা সজাতি দল
author img

By

Published : Jun 12, 2020, 4:24 PM IST

তিনিচুকীয়া, 12 জুন : শুকুৰবাৰে বাঘজানবাসীৰ সমভাগী হ'বলৈ ৰাজ্যখনৰ বিৰোধী দলৰ এটা সজাতি দল উপস্থিত হয় বাঘজানত । কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভানেত্ৰী ছোনিয়া গান্ধীৰ নিৰ্দেশমৰ্মে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা আৰু কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাণা গোস্বামীৰ নেতৃত্বত বাঘজানত উপস্থিত হয় দলটো ৷ অইল ইণ্ডিয়া লিমিটেড আৰু চৰকাৰৰ অৱহেলাৰ ফলত চৰম দুৰ্ভোগ ভোগা বাঘজানবাসীৰ পৰিস্থিতৰ বুজ লয় দলটোৱে ৷

ৰিপুণ বৰা

বাঘজানৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি দুৰ্গত ৰাইজৰ সকলো বিষয়ৰ বুজ লয় কংগ্ৰেছৰ দুই নেতাই । অইল ইণ্ডিয়াৰ চৰম অৱহেলা আৰু অকৰ্মণ্যতাৰ লগতে ৰাজ্য চৰকাৰৰ চুড়ান্ত গাফিলতিৰ ফলত বাঘজানৰ পৰিস্থিতি শাম কটাৰ পৰিৱৰ্তে অধিক জটিল ৰূপ ধাৰণ কৰিছে বুলি অভিযোগ কৰে নেতা দুগৰাকীয়ে । কি কাৰণে বাঘজানৰ তৈল খাদটোত এই ঘটনা সংঘটিত হ'বলৈ পালে তাৰ উচিত তদন্ত কৰি দুখীক উপযুক্ত শাস্তি বিহাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই নেতাদ্বয়ে।

ৰাণা গোস্বামী

লগতে পঢ়কঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান একাংশ অস্থায়ী স্বাস্থ্যকৰ্মীৰ

উল্লেখ্য যে,এটা খাদৰ দুৰ্ঘটনাতেই ৰাইজৰ তথৈবচ অৱস্থা হৈছে ৷ ডিব্ৰু-চৈখোৱাত অন্য ৭ টাকৈ খাদ স্থাপন কৰিবলৈ লোৱা কিমান বিপদজনক সহজে অনুমান কৰিব পাৰি বুলিও মন্তব্য কৰে ৰাণা গোস্বামীয়ে । গতিকে প্ৰস্তাৱিত ৭ টা খাদ স্থাপনৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই ৰাণা গোস্বামীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.