তিনিচুকীয়া, 26 জানুৱাৰী : সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি তিনিচুকীয়াটো তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় ৭২ সংখ্যক গণতন্ত্র দিৱস ৷ এই উপলক্ষে তিনিচুকীয়াৰ বৰগুৰিস্থিত ITI খেলপথাৰত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰে ৰাজ্যিক শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়াৰ বিধায়ক সঞ্চয় কিষাণে ৷
ইয়াৰ পিচতে সঞ্চয় কিষানে ৰাইজক সম্বোধন কৰি বৰ্তমান চৰকাৰে কৰা কৰ্মৰাজিৰ ওপৰত ভাষণ দিয়ে । লগতে গণৰাজ্য দিৱস উদযাপনস্থলীত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে ভিন্ন বিভাগৰ বিষয়া সকল।
উল্লেখ্য যে, অনুষ্ঠানত জিলাখনৰ পুলিচ প্ৰশাসনৰ লগতে তিনিচুকীয়া চহৰৰ বিভিন্ন বিদ্যালয়ৰ এন.চি.চি. কৰ্মী আৰু ছাত্ৰ ছাত্ৰীয়ে পেৰেডত অংশ গ্ৰহণ কৰে । পেৰেডৰ শেষত সঞ্চয় কিষানে মুক্তি যুদ্ধাৰ পৰিয়ালবৰ্গলৈ সম্বৰ্ধনা জনোৱাৰ লগতে পেৰেড অংশগ্ৰহণত জয় লাভ কৰা সকলক পুৰষ্কৃত কৰা হয়।
অনুষ্ঠানৰ শেষত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শাস্ত্ৰীয় নৃত্য, দেশপ্ৰেমমূলক গীতত নৃত্য, বিহু নৃত্য আদি প্ৰৰ্দশন কৰে।
লগতে পঢ়ক: জয় হিন্দ: ইটিভি ভাৰত আৰু চিআৰপিএফৰ সৈতে গণৰাজ্য দিৱস বিশেষ