ETV Bharat / state

ডুমডুমাত আবদ্ধ বহিঃৰাজ্যৰ লোকক সাহায্য প্ৰদান আৰএছএছৰ - ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ

ডুমডুমাৰ উচামাটিত আবদ্ধ হৈ থকা উত্তৰ প্ৰদেশৰ পৰা অহা এটা 12 জনীয়া ফেৰীৱালাৰ দলৰ মাজত সোমবাৰে খাদ্য সামগ্ৰী প্ৰদান কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰএছএছৰ ডুমডুমা খণ্ডৰ কৰ্মকৰ্তা সকলে ।

relief donated between stucked people of uttar pradesh by rss in dumduma

author img

By

Published : May 4, 2020, 12:45 PM IST

ডুমডুমা, 4 মে': লক্ ডাউনৰ ফলত অসমৰ লোক বহিঃৰাজ্যত আবদ্ধ হৈ থকাৰ সমান্তৰালকৈ, অসমতো আবদ্ধ হৈ আছে বহিঃৰাজ্যৰ বহু লোক । যোৱা 18 মাৰ্চত উত্তৰ প্ৰদেশৰ পৰা অহা এটা 12 জনীয়া ফেৰীৱালাৰ দল আবদ্ধ হৈ আছে, ডুমডুমাৰ উচামাটিৰ এটা ভাড়াঘৰত । আবদ্ধ হৈ থকা লোকসকলক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰএছএছৰ ডুমডুমা খণ্ডৰ কৰ্মকৰ্তা সকলে খাদ্য সামগ্ৰী প্ৰদান কৰি সহায়ৰ হাত আগবঢ়ায় ।

ডুমডুমাত আবদ্ধ বহিঃৰাজ্যৰ লোকক সাহায্য প্ৰদান ডুমডুমা খণ্ড আৰএছএছৰ

যোৱা 5 ফেব্ৰুৱাৰীত ব্যৱসায়ৰ বাবে উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল এই ক্ষুদ্ৰ ব্যৱসায়ীৰ দলটো । আনহাতে আৰএছএছৰ কৰ্মকৰ্তাসকলে বহিঃৰাজ্যৰ আবদ্ধ লোকসকলৰ ওপৰিও ডুমডুমা চহৰৰ উচামাটি, কুমাৰীপট্টি আৰু চুক্ৰেটিং অঞ্চলৰ প্ৰায় ১৫০ টা দৰিদ্ৰ পৰিয়ালক সোমবাৰে খাদ্য সামগ্ৰী প্ৰদান কৰে ।

লগতে পঢ়কঃ কাঠফুলা ভক্ষণ কৰি ওদালগুৰিত অসুস্থ 17 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.