তিনিচুকীয়া ,২৯ জানুৱাৰী: অসম-অৰুণাচল সীমান্তৱৰ্তী মহাদেৱপুৰত অৰ্ধসামৰিক বাহিনীয়ে উদ্ধাৰ কৰা IEDটো অৱশেষত তিনিচুকীয়াৰ দিনজান সেনা বাহিনীৰ বোমা বিশেষজ্ঞ দলে নিষ্ক্ৰিয় কৰে (IED deactived at Assam Arunachal border)। ফলত কেইবাঘণ্টা জোৰা শ্বাসৰুদ্ধকাৰী পৰিস্থিতিৰ অৱসান ঘটে (Dinjan Army Bomb expert deactivated IED) ৷ এই সন্দৰ্ভত উপস্থিত অৰ্ধসামৰিক বাহিনীৰ বিষয়াই সদৰী কৰা অনুসৰি, যোৱা দুদিন ধৰি মহাদেৱপুৰৰ ওচৰে পাঁজৰে কোনো এটা চক্ৰই কুটাঘাটমূলক ঘটনা সংঘটিত কৰাৰ উদ্দেশ্য কুজকাৱাজ কৰাৰ তথ্য লাভ কৰিছিল ৷ সেই তথ্যৰ ভিত্তিত অৰ্ধসামৰিক বাহিনীয়ে বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ লগত লৈ অভিযান চলায় ।
এই অভিযানৰ সময়তে দেওবাৰে পুৱা ৬.৩০ বজাৰ পৰা ৭ বজাৰ ভিতৰত কৃষ্ণপুৰলৈ যোৱা পথৰ এটা কালভাৰ্টৰ ওচৰত দুখন মটৰচাইকেলত তিনিজন লোক ৰৈ আছিল ৷ পৰৱৰ্তী সময়ত লোক তিনিজনে অৰ্ধসামৰিক বাহিনীৰ দলটো দেখা পাই বেগ এটা কাষলৈ দলিয়াই পলায়ন কৰে ৷ তাৰ পাছতে অৰ্ধসামৰিক বাহিনীৰ দলটোৰ লগত থকা কুকুৰটোৱে দৌৰি বেগটোৰ কাষত উপস্তিত হয় ৷ তাৰ পাছতে অৰ্ধসামৰিক বাহিনীৰ দলটোৱে পৰীক্ষা কৰি IED বুলি চিনাক্ত কৰে ৷ পৰৱৰ্তী সময়ত তিনিচুকীয়াৰ দিনজান সেনা বাহিনীৰ শিৱিৰৰ পৰা যোৱা এটা বোমা বিশেষজ্ঞ দলে IEDটো নিষ্ক্ৰিয় কৰে ৷ উদ্ধাৰ কৰা IEDটো প্ৰায় ২.৫০ কিলোগ্ৰাম ওজনৰ বুলি কয় অৰ্ধসামৰিক বাহিনীৰ বিষয়াই । আনহাতে, IEDটো কোনে কঢ়িয়াই আনিছিল নতুবা কি উদ্দেশ্য লৈ আনিছিল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও তদন্ত অব্যাহত ৰখা বুলি কয় অৰ্ধসামৰিক বাহিনীৰ বিষয়াগৰাকীয়ে ৷
ইপিনে, অৰুণাচলৰ নামপুঙত আজি একেদিনাই মাৰণাস্ত্ৰসহ আটক কৰে দুই NSCN-KYAৰ কেডাৰক ৷ ধৃত দুই সদস্যৰ নাম নয়ন কুমাৰ চাকমা আৰু গাংৱাং ৱাংলে । ধৃত দুই কেডাৰৰ পৰা এটা চাইনিজ AK47,দুটা মেগজিন, ৪৯০ ৰাউণ্ড সক্ৰিয় গুলী আৰু এটা পিষ্টল জব্দ কৰিছে নামপুঙ আৰক্ষী আৰু আছাম ৰাইফলছে ৷ দুই NSCN-KYA কেডাৰে কি উদ্দেশ্যে বৃহৎ পৰিমাণৰ মাৰনাস্ত্ৰ লৈ আহিছিল এই পৰ্যন্ত আৰক্ষীয়ে উল্লেখ কৰা নাই । আৰক্ষীয়ে লাভ কৰা এই বৃহৎ সাফল্যৰ পাছত অধিক তথ্যৰ সন্ধানত দুই কেডাৰক মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:Assam tableau in Delhi parade: লাচিতক হিন্দু সেনানী হিচাপে উপস্থাপনৰ প্ৰয়াস চৰকাৰৰ: দেবব্ৰত শইকীয়া