ETV Bharat / state

তিনিচুকীয়াৰ নাজিৰাটিঙত ৰাতি বিহু পালন

বিহুতলিত আলহী ডেকাই প্ৰাণ ঢালি গোৱা বিহু গীতৰ লহৰত হেঁপাহ পলুৱাই নাচিলে শ শ মৰাণ গাভৰুৱে ৷ বুধবাৰে পুৱতি নিশালৈ সকলোৱে উপভোগ কৰিলে মৰাণ জনগোষ্ঠীৰ স্বকীয় পৰম্পৰাৰে উজ্বীৱিত ৰাতি বিহু

author img

By

Published : Apr 24, 2019, 5:47 PM IST

নাজিৰাটিঙত ৰাতি বিহু পালন

তিনিচুকীয়া, 24 এপ্ৰিলঃ ৰাজ্যত অব্যাহত আছে ৰঙালীৰ উচাহ-উদ্দীপনা । সমান্তৰালকৈ উজনিৰ তিনিচুকীয়াৰ মৰাণ জনগোষ্ঠীৰ গাঁৱসমূতো অব্যাহত আছে ৰঙালীৰ উৎসাহ । বিশেষভাৱে তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ গছতলৰ বিহু আৰু ৰাতি বিহুৰ উচাহ বৰ্তমানেও ম্লান পৰা নাই । মঙলবাৰে নিশা তিনিচুকীয়াৰ ফিল'বাৰী নাজিৰাটিঙ গাঁওত স্বকীয় বৈশিষ্ট্য আৰু ঐতিহাসিক পৰম্পৰাৰে ৰাতি বিহু পালন কৰিলে গঞা ৰাইজে । বিহুতলিত আলহী ডেকাই প্ৰাণ ঢালি গোৱা বিহু গীতৰ লহৰত হেঁপাহ পলুৱাই নাচিলে শ শ মৰাণ গাভৰুৱে ৷ বুধবাৰে পুৱতি নিশালৈ সকলোৱে উপভোগ কৰিলে মৰাণ জনগোষ্ঠীৰ স্বকীয় পৰম্পৰাৰে উজ্বীৱিত ৰাতি বিহু । ৰাতি বিহুত অতিথি হিচাপে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া, ফিল'বাৰী সেনা চাউনিৰ মেজৰ আশীষ ডুবে, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি আৰু সাংবাদিক সকল উপস্থিত থাকি বিহু উপভোগ কৰে ।

Intro:STORY:-তিনিচুকীয়াৰ নাজিৰাটিঙত ৰাতি বিহু পালন

OC/VO:-সমগ্র ৰাজ্যতে ৰঙালীৰ বিহুৰ উৎসাহ-উদ্দীপনা অব্যাহত আছে। সমান্তৰাল কৈ উজনিৰ তিনিচুকীয়াৰ মৰাণ জনগোষ্ঠী গাঁও সমূহতো ৰাঙলীৰ উচ্চহ-উদ্দীপনাও অব্যাহত আছে। বিশেষ ভাৱে তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ গছতলৰ বিহু আৰু ৰাতি বিহুৰ ব্যাপক উচ্চহ আজিও ম্লান পৰা নাই। মঙ্গল বাৰে নিশা তিনিচুকীয়াৰ ফিল'বাৰী নাজিৰাটিঙ গাঁওত স্বকীয় বৈশিষ্ট্য আৰু ঐতিহাসিক পৰম্পৰাৰে ৰাতি বিহু পালন কৰা দেখা গল। ৰাতি বিহুক লৈ গাওঁ খনত এক উখল মাখল পৰিৱেশে সূচনা হোৱা দেখা গল। বিহুতলিত আলহী ডেকাই প্ৰাণ ঢালি গোৱা বিহু গীতৰ লহৰত হেঁপাহ পলুৱাই নাচিলে শ শ মৰাণ গাভৰুৱে। এক কথাত সমগ্র নিশা বিহুতলিত প্ৰাণৰ বহাগ চঞ্চল হৈ পৰিল। ইফালে ৰাতি বিহু চাবলৈ গাঁওখনত মানুহে ভৰি পৰিল বিহুতলি। বুধবাৰে পুৱতি নিশালৈ সকলোৱে উপভোগ কৰিলে মৰাণ জনগোষ্ঠীৰ স্বকীয় পৰম্পৰাৰে উদ্দজীৱিত ৰাতি বিহু। ৰাতি বিহুত অতিথি হিচাপে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া, ফিল'বাৰী সেনা চাউনিৰ মেজৰ আশীষ ডুবে, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি আৰু সাংবাদিক সকল উপস্থিত থাকি বিহু উপভোগ কৰে।

Body:Nil

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.