তিনিচুকীয়া, ২৫ ফেব্ৰুৱাৰী : শনিবাৰে তিনিচুকীয়াত উপস্থিত হয় অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক ৰণজিৎ কুমাৰ দাস ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পোন প্ৰথমবাৰৰ বাবে তিনিচুকীয়া পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ সৈতে জিলাখনৰ পৌৰসভাৰ অধীনত ৰূপায়ন হৈ থকা বিভিন্ন জনকল্যাণমূলক আঁচনি তথা কামকাজৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে (Ranjeet Kumar Dass Review Meeting in Tinsukia) ।
তিনিচুকীয়া পৌৰসভা কাৰ্যালয়ৰ (Tinsukia Municipal Board Office) সভাকক্ষত আয়োজিত উক্ত পৰ্যালোচনা বৈঠকত তিনিচুকীয়া পৌৰসভাৰ নৱ-নিৰ্বাচিত সমিতিখনে অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ফুলাম গামোছা, চেলেং আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ উক্ত বৈঠকত অভিভাৱক মন্ত্ৰীগৰাকীৰ সৈতে অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, পৌৰসভাৰ সভাপতি পৱিত্ৰ গগৈ, উপ-সভাপতি ইন্দিৰা ৰয়, তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া মনজিৎ দলে প্ৰমুখ্যে তিনিচুকীয়া পৌৰসভাৰ বিভিন্ন ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰসকল আৰু পৌৰসভাৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।
শনিবাৰে আয়োজিত উক্ত বৈঠকতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পৌৰসভা কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীৰ সংখ্যা, বাৰ্ষিক কৰ সংগ্ৰহ ইত্যাদি সন্দৰ্ভত আলোচনা কৰে (Ranjeet Kumar Dass in Tinsukia) । মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া পৌৰসভাৰ অধীনত ৰূপায়ন হৈ থকা খোৱাপানী যোগান আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া)ৰ লগতে চহৰৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি ২০১৮-১৯ ৰ অধীনত তিনিচুকীয়া পৌৰ এলেকাত চলিত পথ আৰু নৰ্দমা নিৰ্মাণৰ অগ্ৰগতিৰো খতিয়ান লয় ।
অভিভাৱক মন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী ৱাৰ্ড কমিচনাৰসকলৰ সৈতে নিজ নিজ ৱাৰ্ডৰ সদস্যাৰাজি সন্দৰ্ভতো আলোচনা কৰে । ইয়াৰ উপৰিও পৌৰসভাৰ অধীনত ৰূপায়ন হৈ থকা অন্যান্য আঁচনিৰ অগ্ৰগতি সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে বিতংভাৱে আলোচনা কৰে আৰু বাণিজ্যিক চহৰ হিচাপে তিনিচুকীয়া চহৰখনত পৌৰসভাৰ যথেষ্ট কৰণীয় আছে ৷ গতিকে সকলো কৰ্মচাৰী, ৱাৰ্ড কমিচনাৰ, উপ সভানেত্ৰী, সভাপতিকে আদি কৰি সকলোকে নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্বসমূহ পালন কৰিবলৈ আহ্বান জনায় ৷
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বতে অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ইটাখুলি উন্নয়নখণ্ডৰ অন্তৰ্গত ইটাখুলি পঞ্চায়তত নিৰ্মাণকাৰ্য চলি থকা অমৃত সৰোবৰ আঁচনি পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয় । সমান্তৰালভাৱে উপস্থিত বিভাগীয় বিষয়া কৰ্মচাৰীসকলক এই আঁচনিৰ কাম অতি ক্ষিপ্ৰতাৰে আৰু সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় ৷
উক্ত বৈঠকত মন্ত্ৰীগৰাকীৰ অমৃত সৰোবৰ আঁচনি পৰিদৰ্শনকালত জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ কৈৰী, ইটাখুলি উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিখামণি গগৈ প্ৰমুখ্যে অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।
লগতে পঢ়ক : Rowta Encounter update : কেনাৰাম নহয়, আৰক্ষীৰ এনকাউন্টাৰত নিহত ডিম্বেশ্বৰ মুছাহাৰীহে