তিনিচুকীয়া,27 ডিচেম্বৰ: দেওবাৰে তিনিচুকীয়া জিলাৰ গোপালচন্দ্ৰ ৰবিচন্দ নাট্য মন্দিৰত ৰাইজৰ দলৰ তিনিচুকীয়া জিলা সমিতিৰ অভিৱৰ্তন অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানটোত উপস্থিত থাকে অসমৰ অন্যতম বিশিষ্ট চলচ্চিত্ৰবিদ তথা পৰিচালক জাহ্নু বৰুৱা, বিশিষ্ট আইনজ্ঞ অৰূপ বৰবৰা, ৰাইজৰ দলৰ মুখ্য ৰাজ্যিক আহ্বায়ক লোহিত গগৈ, টংকেশ্বৰ মৰাণ আৰু কেইবাগৰাকীও ৰাজ্যিক আৰু জিলা আহ্বায়কৰ লগতে বিশিষ্ট ব্যক্তি।
তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক উত্তম দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ শেষত ৪৩ জনীয়া সদস্যৰে এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয় । সমিতিখনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় শৰৎ দাস (প্ৰাক্তন বেংক বিষয়া), কাৰ্যকৰী সভাপতি হেম গগৈ (বিহু সুৰক্ষা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক), সম্পাদক খেমকান্ত বৰা (কৃষক মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন সভাপতি), ৰিদীপ গগৈ (অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক) আৰু ৰাজীৱ দত্ত (অসম গণ পৰিষদৰ প্ৰাক্তন কৰ্মী) ৷
তিনিচুকীয়াৰ গোপালচন্দ্ৰ ৰবিচন্দ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ তিনিচুকীয়া জিলা সমিতিৰ অভিৱৰ্তন অনুষ্ঠানত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 5 শতাধিক লোকে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: আইচিচিৰ দশকটোৰ দলৰ তালিকা প্ৰকাশ, এদিনীয়া দলৰ নেতৃত্বত এমএছ