ETV Bharat / state

পথ নিৰ্মাণৰ দাবীত কাকপথাৰত উত্তাল প্ৰতিবাদ - পঞ্চায়ত

পথ নিৰ্মাণৰ দাবীত কাকপথাৰৰ ডুমডুমা সমষ্টিৰ কলাখোৱা গাঁৱৰ ৰাইজ শুকুৰবাৰে পথৰ ওপৰতে প্ৰতিবাদ সাব্যস্ত কৰে ৷ জৰাজীৰ্ণ (Poor Road Condition) পথটো শীঘ্ৰেই মেৰামতি কৰি চৰকাৰ তথা স্থানীয় বিধায়ক (MLA) ৰূপেশ গোৱালাক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷

Public Protests For demanding construction of road Kakpathar
পথ নিৰ্মাণৰ দাবীত কাকপথাৰত উত্তাল প্ৰতিবাদ
author img

By

Published : Jun 25, 2021, 10:12 AM IST

শদিয়া, 25 জুন : ৰাজ্যৰ প্ৰায়ভাগ জিলাতে উন্নয়নৰ নামত এতিয়া তথৈবচ অৱস্থা ৷ বাট-পথ, কৃষি, শক্তি প্ৰায়বোৰ দিশতে বছৰৰ পাছত বছৰ দুৰ্ভোগ ভূগীবলগীয়া হৈছে ৰাইজে ৷ দেশে স্বাধীনতাৰ 74 টা বছৰ অতিক্ৰম কৰিলে যদিও কি কংগ্ৰেছ, কি বিজেপি কোনো এখন চৰকাৰেই ৰাইজৰ সমস্যাসমূহ সমাধান কৰিব নোৱাৰা পৰিলক্ষিত হৈছে ৷ চৰকাৰে আঁচনিৰ নামৰ কোটি কোটি টকা খৰচ কৰে ঠিকেই কিন্তু সেই আঁচনিৰ পৰা উপকৃত নহয় ৰাইজ ৷

ইফালে দৈনন্দিন বিভিন্ন বাতৰি কাগজে পত্ৰই সবিস্তাৰে প্ৰকাশ পাইছে চৰকাৰী আঁচনি সমূহৰ ফোফোলা স্বৰূপ ৷ চৰকাৰে আঁচনি সমূহত ঠিকা লাভ কৰা একাংশ অসাধু ঠিকাদাৰৰ ব্যাপক দুৰ্নীতিয়ে হওক অথবা নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মান কৰা বাবেই হওক নিৰ্মাণৰ কিছুদিন পিছতেই জৰাজীৰ্ণ অথবা বিকল হৈ হোৱাৰ অভিযোগ কৰে ৰাইজে ৷ সমান্তৰালকৈ কাকপথাৰৰ ১২৫ নং ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত টঙনা গাঁও পঞ্চায়তৰ অধীনৰ কলাখোৱা গাঁওখনত প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘৰ মূল পথটোৰ জৰাজীৰ্ণ অৱস্থা ৷ উক্ত পথটোৰ বাবে বছৰ বছৰ ধৰি যাতায়াতৰ বাবে জলকলা খাবলগীয়া হৈছে ৰাইজে ৷

পথ নিৰ্মাণৰ দাবীত কাকপথাৰত উত্তাল প্ৰতিবাদ

অকল সেয়াই নহয় এজাক বৰষুণ দিলেই পথটোত সৃষ্টি হয় একাঠু একাঠু বোকা ৷ ফলত গাড়ী চলাচল কৰাটো দূৰৰে কথা খোজ কাঢ়ি যাবলৈও উপযোগী নহয় পথটো ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজ ক্ষুব্ধ হৈ পৰে ৷

ইফালে এই জৰাজীৰ্ণ পথটো নিৰ্মাণৰ বাবে বহুবাৰ পূৰ্বৰ কংগ্ৰেছ (Congress) দলৰ বিধায়ক দূূৰ্গা ভূমিজৰ লগতে পঞ্চায়ত প্ৰতিনিধিক আবেদন নিবেদন কৰি আহিছিল যদিও মাঁথো মিছা প্ৰতিশ্ৰুতিৰ বাহিৰে এক সুফল লাভ নকৰিলে ৰাইজে ৷ গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পথটো নিৰ্মাণ কৰিছিল যদিও পুনৰ জৰাজীৰ্ণ হৈ পৰিছে পথটো ৷ উপায়ন্তৰ হৈ উক্ত পথটো নিৰ্মাণৰ দাবীত শুকুৰবাৰে প্ৰতিবাদ (Protest) সাব্য়স্থ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷

অতি শীঘ্ৰেই জৰাজীৰ্ণ পথটো নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷ অকল সেয়াই নহয় আজিলৈকে গাঁওখনত নাই বিদ্যালয়ৰ লগতে উপ স্বাস্থ্য কেন্দ্ৰ ৷ বছৰ বছৰ ধৰি সকলো দিশতে বঞ্চিত হবলগীয়া হোৱাত চৰকাৰ তথা জনপ্ৰতিনিধিৰ লগতে পঞ্চায়তৰ সদস্য সকলৰ বিৰুদ্ধে উত্তেজিত হৈ পৰিছে ৰাইজ ৷

এতিয়া লক্ষণীয় বিষয়টো হ’ল সমষ্টিটোৰ নৱ নিৰ্বাচিত শাষকীয় দলৰ বিধায়ক (MLA) ৰূপেশ গোৱালাই কলাখোৱা গাঁৱৰ ৰাইজৰ সমস্যা সমধানত কিমান গুৰুত্ব দিয়ে, নে পূৰ্বৰ বিধায়কৰ দৰে মাঁথো প্ৰতিশ্ৰুতি প্ৰদান কৰিয়েই কাৰ্যকাল সমাপ্ত কৰিব তাক লৈ এতিয়া চিন্তিত ৰাইজ ৷

লগতে পঢ়ক-২৬ জুনত প্ৰকাশ পাব ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.