তিনিচুকীয়া, ২৯ আগষ্ট : মঙলবাৰে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী মহিলা শক্তি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে বিজেপি গ’ বেগ, আমাক জনজাতিকৰণ প্ৰদান কৰক, ভূমিৰ পট্টা প্ৰদান কৰক, জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰা বন্ধ কৰক, আছা জিন্দাবাদ, আওপা জিন্দাবাদ, শিক্ষা ব্যৱস্থা উন্নত কৰক, স্বাস্থ্য বিভাগৰ ব্যৱস্থা উন্নত কৰক আদি বিভিন্ন শ্ল’গানেৰে বৰগুৰিৰ আকাশ বতাহ কঁপাই তোলে ৷
![protests in Tinsukia demanding tribalisation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-08-2023/a-801to805-tinsukia-aasaa-protest-st-as10052_29082023155819_2908f_1693304899_676.jpg)
পৰৱৰ্তী সময়ত আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰা, আদিবাসী জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ জাতি/উপজাতি হিচাপে প্ৰদান কৰা, চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি কৰা, আদিবাসীসকলৰ ভূমিৰ অধিকাৰ প্ৰদান কৰা, আদিবাসীৰ অঞ্চলসমূহত শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থা উন্নত কৰাৰ দাবীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ জিলা আয়ুক্তৰ জৰিয়তে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি এলবাৰ্ট উৰিয়া আৰু সম্পাদক গাৰ্ণেল মিনজ্ৰ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় ৷
![protests in Tinsukia demanding tribalisation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-08-2023/a-801to805-tinsukia-aasaa-protest-st-as10052_29082023155819_2908f_1693304899_450.jpg)
উক্ত প্ৰতিবাদস্থলীৰ পৰাই আগন্তুক নিৰ্বাচনৰ পূৰ্বেই যদি আদিবাসীসকলক জনজাতিকৰণ প্ৰদান নকৰে তেন্তে শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে সমগ্ৰ অসমত আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷ সমান্তৰালভাৱে, বিগত কিছুদিন ধৰি আটছা আৰু আছাৰ মাজত চলি থকা শীতল যুদ্ধৰ আঁৰত কিবা ৰাজনীতিৰ গোন্ধ আছে বুলি উল্লেখ কৰাৰ লগতে আছা আৰু আটছাৰ মাজত পূৰ্বৰ দৰে ভাতৃত্ববোধ সম্পৰ্ক অটুট থাকিব বুলি সদৰী কৰে ৷
![protests in Tinsukia demanding tribalisation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-08-2023/a-801to805-tinsukia-aasaa-protest-st-as10052_29082023155819_2908f_1693304899_219.jpg)
লগতে পঢ়ক : AATSA Protest in Biswanath: জনজাতিকৰণৰ দাবীত বিশ্বনাথত আটছাৰ ধৰ্ণা কাৰ্যসূচী