তিনিচুকীয়া,29 জুন: দেশত অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি প্ৰসংগত এতিয়া ৰাজ্যৰ সৰ্বত্ৰে চলিছে প্ৰতিবাদ ৷ সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছ দলে এই বিষয় প্ৰসংগত সাব্যস্ত কৰে ব্যাপক প্ৰতিবাদ ৷ তিনিচুকীয়া জিলাতো কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলে সাব্যস্ত কৰা উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য অতি কম হোৱাৰ পিছতো বিজেপি শাসনাধিষ্ঠ মোডী চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে । তদুপৰি লক ডাউনৰ বাবে সৃষ্টি হোৱা দেশৰ অৰ্থনৈতিক মন্দাৱস্থাত গুৰুত্ব প্ৰদান নকৰি পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিৰে জনসাধাৰণক চৰকাৰে হাৰাশাস্তি কৰিছে বুলি মন্তব্য প্ৰদান কৰে সাংসদ গৰাকীয়ে ।
শিৱসাগৰ: শিৱসাগৰতো উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলা কংগ্ৰেছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । লগতে দেশৰ ৰাষ্ট্ৰপতিলৈ জিলা উপায়ুক্তৰ যোগেদি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে দলটোৱে ৷ প্ৰতিবাদস্থলীৰ পৰাই পৰৱৰ্তী নিৰ্বাচনত বিৰোধী দলটোৱে বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰে ৷
লগতে চাওকঃ পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিক লৈ নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ