ETV Bharat / state

ডুমডুমাত CAA আৰু EIA বাতিলৰ দাবীৰে AJYCPৰ প্ৰতিবাদ

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সোমবাৰে ডুমডুমা, ফিল'বাৰী, কাকপথাৰ, ডাঙৰী আদি আঞ্চলিক সমিতিয়ে CAA আৰু EIA বাতিলৰ দাবীৰে বাইক ৰেলী বাহিৰ কৰে ৷

AJYCPৰ প্ৰতিবাদ
AJYCPৰ প্ৰতিবাদ
author img

By

Published : Sep 21, 2020, 3:03 PM IST

ডুমডুমা, 21 চেপ্তেম্বৰ: নাগৰিকত্ব সংশোধনী আইন আৰু পৰিৱেশিক প্ৰভাৱ নিৰূপক অধিসূচনা ২০২০ ৰ খচৰা বাতিলৰ দাবীৰে সোমবাৰে ডুমডুমাত প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷ যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ডুমডুমা, ফিল'বাৰী, কাকপথাৰ, ডাঙৰী আদি আঞ্চলিক সমিতিৰ সহযোগত বাইক ৰেলী কাৰ্যসূচী ৰূপায়ন কৰে ৷

ডুমডুমাত CAA আৰু EIA বাতিলৰ দাবীৰে AJYCPৰ প্ৰতিবাদ

অতি শীঘ্ৰেই জাতিধ্বংসী অভিহিত নাগৰিকত্ব সংশোধনী আইনৰ লগতে EIA খচৰা বাতিলৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ নাগৰিকত্ব সংশোধনী আইনৰ লগতে EIA খচৰা বাতিল নোহোৱা সংগঠনটোৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি উল্লেখ কৰে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণে ৷ অসমতে থাকি অসমীয়া লোক সকলক সংখ্যালঘু কৰিব বিচৰা আইন কোনোৱে নিবিচাৰে ৷ দুয়োখন আইন আৰু খচৰা বাতিল নকৰিলে আগন্তুক দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও সকীয়নি প্ৰদান কৰে সংগঠনটোৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক: প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.