মাৰ্ঘেৰিটা, 9 ডিচেম্বৰঃ মাৰ্ঘেৰিটাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৷ মাৰ্ঘেৰিটাৰ লিডুত কল ইণ্ডিয়াৰ মাইনিং কোম্পানীৰ শ্ৰমিকেও ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই কৰিলে প্ৰতিবাদ। CAB বাতিলৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে কয়লা নগৰী মাৰ্ঘেৰিটাৰ লিডুত । বন্ধৰ সমৰ্থক সকলে টিৰাপ কলিয়ৰী সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ।
খুমটাই, 9 ডিচেম্বৰঃ কেবৰ বিৰোধিতাৰে গোলাঘাটৰ খুমটাইত চুতীয়া জাতি ছাত্ৰ সন্থাৰ আহ্বান জনোৱা অসম বন্ধত প্ৰভাৱ সৰ্বাত্মক। কেইবাটাও দল সংগঠন আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি বন্ধ কৰিছে ব্যৱসায় প্ৰতিষ্ঠান ৷ সোমবাৰে পুৱাৰে পৰা ধোদৰআলিত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি (স্বতন্ত্ৰ) আটছা (স্বতন্ত্ৰ) সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ সদস্যসকলে ৷
সৰুপথাৰ, 9 ডিচেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে ধনশিৰি মহকুমাটো অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱা পৰিলক্ষিত হৈছে । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই ১২ ঘন্টীয়া অসম বন্ধৰ ঘোষণাত বন্ধ সমৰ্থকে সৰুপথাৰত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে, সংগঠনটোৱে বন্ধ কাৰ্যসূচীটো শান্তি আৰু সম্প্ৰীতিৰে পাৰ কৰিবলৈ অনুৰোধ জনায় ৰাইজক।
টিংখাং, 9 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আহ্বান জনোৱা ১২ ঘন্টাৰ অসম বন্ধৰ প্ৰভাৱ টিংখাঙতো সৰ্বাত্মক। মৰাণ-নাহৰকটীয়া ৰাজ্যিক ঘাইপথত টায়াৰ জ্বলাই কেব বাতিলৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৱে। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীক বিজেপিৰ দালাল আখ্যা দি সৰ্বানন্দ সোণোৱাল গ'বেক শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে ৷
মাজুলী, 9 ডিচেম্বৰঃ মাজুলীতো ১২ ঘন্টীয়া অসম বন্ধ প্ৰভাৱ সৰ্বাত্মক। চুতীয়া ছাত্ৰ সন্থাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে মাজুলীৰ সদৰ গড়মূৰত। আনহাতে,বন্ধৰ বাবে বহিঃ জগতৰ লগত যোগাযোগ বিছিন্ন হৈছে মাজুলীবাসীৰ। দোকান বজাৰ ফেৰী সেৱা সম্পূৰ্ণৰূপে বন্ধ আছে মাজুলীত।