ETV Bharat / state

Protest at Makum: মাকুম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বনৰ দাবীত প্ৰতিবাদ - Assam medical college

মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৰণ মোহন সিং চেতিয়াক(Makum police station OC) নিলম্বনৰ দাবীত উত্তাল প্ৰতিবাদ ৷ এগৰাকী কলেজীয়া ছাত্ৰক নিৰ্মমভাৱে আৰক্ষী বিষয়াগৰাকীয়ে প্ৰহাৰ কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

Public protest against OC at Makum
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বনৰ দাবীত প্ৰতিবাদ
author img

By

Published : Dec 21, 2022, 9:04 PM IST

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বনৰ দাবীত প্ৰতিবাদ

তিনিচুকীয়া, 21 ডিচেম্বৰ: মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৰণ মোহন সিং চেতিয়াক(Makum police station OC) নিলম্বনৰ দাবীত মাকুমৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনৰ লোকে ৷

উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ন-মতাপুং গাঁৱৰ নিবাসী দীপু মৰাণ নামৰ এজন কলেজীয়া ছাত্ৰই মাকুম গান্ধী নগৰৰ কলেজীয়া ছাত্ৰী এগৰাকীৰ সৈতে প্ৰেমজনিত কাৰণত বাক-বিতণ্ডাত লিপ্ত হৈছিল ৷ পৰৱৰ্তী সময়ত উক্ত ঘটনা মাকুম আৰক্ষী থানাৰ মজিয়া পায়গৈ ৷

উক্ত ঘটনাৰ সন্দৰ্ভত মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৰণ মোহন সিং চেতিয়াই দীপু মৰাণ নামৰ কলেজীয়া ছাত্ৰজনক নিৰ্মমভাৱে প্ৰহাৰ কৰাত ছাত্ৰজন ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত(Assam medical college) চিকিৎসাধীন হ’বলগীয়া হৈছে ৷

ছাত্ৰজনক ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত আঘাত কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰজনৰ পৰিয়ালৰ লোকে (Student beaten by OC at Makum)৷ এজন কম বয়সীয়া কলেজীয়া ছাত্ৰক প্ৰেমজনিত কাৰণৰ বাবে এজন আৰক্ষী বিষয়াই এনেধৰনে নিৰ্মমভাৱে প্ৰহাৰ কৰাত জাঙুৰ উঠিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনৰ লোক ।

ফলত বুধবাৰে মাকুমৰ আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা, মৰাণ সভা, বাৰেকুৰি আঞ্চলিক যুৱ সংঘ, মহিলা সমিতিৰ উদ্যোগত আৰক্ষী বিষয়া চৰণ মোহন সিং চেতিয়াক নিলম্বনৰ দাবীত মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Public protest against OC at Makum)৷

পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত জিলাখনৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ প্ৰতিবাদকাৰীসকলে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকলৈ উপ-আৰক্ষী অধীক্ষকগৰাকীৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদান কৰে আৰু অতি সোনকালে দিপু মৰাণৰ উচিত ন্যায় বিচাৰে ।

ইফালে, উক্ত ঘটনাটো গুৰুত্বসহকাৰে লোৱা বুলি জানিবলৈ দিয়াৰ লগতে দল-সংগঠনৰ নেতৃত্বক বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ নিমন্ত্ৰণ দিয়া বুলি জানিবলৈ দিয়ে উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই ৷

লগতে পঢ়ক: Nalbari PWD Office: নলবাৰীৰ চৰকাৰী কাৰ্যালয়ত মাটিৰ বেহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.