তিনিচুকীয়া, ৯ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ দিনাই ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । প্ৰস্তাৱিত এইমছৰ ভূমি পূজনৰ বাবে অসমত আহি উপস্থিত হোৱা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ক'লা পতাকা দেখুওৱাৰ লগতে প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ।
অসমৰ বিভিন্ন স্থানৰ লগতে তিনিচুকীয়াৰ মাৰ্ঘেৰিটাটো ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত মোডীৰ পুত্তিলকা দাহ কৰে সংগঠনটোৱে । যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক কাঞ্চণ বৰাৰ নেতৃত্বত শতাধিক সদস্যই বিধেয়কখন বাতিলৰ দাবীৰে বিভিন্ন শ্ল'গানেৰে ঘাইপথ উত্তাল কৰি তোলে ।