ETV Bharat / state

সৌভাগ্য আঁচনিয়ে সৌভাগ্য কঢ়িয়াব নোৱাৰিলে লিখাজানবাসীলৈ - বিজুলী সংযোগ

মাৰ্ঘেৰিটাৰ লিখাজানত প্ৰধানমন্ত্ৰীৰ সৌভাগ্য আঁচনিৰ অধীনত বিজুলী সংযোগত বেমেজালি সংঘটিতৰ অভিযোগ । মিটাৰৰ বাবদ বিভাগীয় কৰ্তৃপক্ষই দহ হাজাৰ টকা চিকিউৰিটিৰ ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

problem in connecting electricity under saubhagya scheme
সৌভাগ্য আঁচনিয়েও সৌভাগ্য কঢ়িয়াব নোৱাৰিলে মাৰ্ঘেৰিটাৰ লিখাজান বাসীলৈ
author img

By

Published : Jun 17, 2021, 3:06 PM IST

মাৰ্ঘেৰিটা,17 জুন : আৰ্থিকভাৱে দুৰ্বল লোকসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ বিদ্যুৎ সংযোগৰ সুবিধা লাভ কৰাৰ হেতুকে প্ৰধানমন্ত্ৰীৰ সৌভাগ্য আঁচনি(Pradhanmantri sabhagya yojna) আৰম্ভ কৰা হৈছিল ৷ এই আঁচনিৰ যোগেদি দেশৰ ভিতৰুৱা গাঁৱৰ লোকসকলে যাতে বিজুলী সংযোগৰ পৰা বঞ্চিত নহয় সেই লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ৷ শেহতীয়াকৈ তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত এই আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

উল্লেখযোগ্য যে, এই আঁ‌চনিৰ অধীনত বিদ্যুৎ সংযোগ পোৱাৰ সাত মাহ অতিক্ৰম কৰিলে যদিও মাৰ্ঘেৰিটাৰ লিখাজানৰ অতি পিছপৰা অঞ্চলটোৰ লোকসকলে আজি পৰ্যন্ত বিজুলীৰ পোহৰ পাবলৈ সক্ষম হোৱা নাই ৷ ইলেকট্ৰ' কিং (electro king) নামৰ এটা বিদ্যুৎ সংযোগকাৰী প্ৰতিষ্ঠানে বিজুলী সংযোগ কৰিলে যদিও মিটাৰৰ অভাৱত প্ৰায় 60 টা পৰিয়াল থকা গাঁৱখনৰ ৰাইজে আজিলৈকে নাপালে বিজুলীৰ সংযোগ ৷ ইফালে, বিনামূলীয়া আঁচনিখন ৰূপায়ণৰ পৰিৱৰ্তে এপিডিচিএল(APDCL)ৰ কৰ্তৃপক্ষই গাঁৱবাসীৰ পৰা চিকিউৰিটিৰ ধন বিচৰা বুলি অৱগত কৰিছে ৰাইজে ৷

সৌভাগ্য আঁচনিয়েও সৌভাগ্য কঢ়িয়াব নোৱাৰিলে মাৰ্ঘেৰিটাৰ লিখাজান বাসীলৈ

উল্লেখ্য যে, সৌভাগ্য আঁচনিৰ নিয়ম অনুযায়ী বিজুলী সংযোগ কৰা প্ৰতিষ্ঠানৰ পৰা গ্ৰাহকৰ ঘৰত মিটাৰ আৰু বিজুলী সংযোগ সম্পূৰ্ণ হোৱাৰ পাছতহে থাৰ্মেলে দায়িত্ব ল’ব লাগে ৷ কিন্তু আধাতে দায়িত্ব লৈ এতিয়া গ্ৰাহকৰ পৰা দহ হাজাৰ টকাকৈ চিকিউৰিটিৰ ধন বিছৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ আনহাতে, কৰ’ণা মহামাৰাীৰ বাবে সম্প্ৰতি আয়হীন হৈ পৰা ৰাইজে দহ হাজাৰকৈ টকা ক’ৰ পৰা দিব বুলিও উদ্বেগ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : পতঞ্জলি উদ্যোগত হাতীৰ মৃত্যু : আজিও নহ’ল উচিত তদন্ত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.