তিনিচুকীয়া,29 জানুৱাৰী: বুধবাৰে ডুমডুমা শাখা সাহিত্য সভা আৰু ইলোৰা বিজ্ঞান মঞ্চৰ ডুমডুমা শাখাৰ উদ্যোগত এখন সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । ফ্ৰান্স দেশৰ পৰা পি. এইচ. ডি. লাভ কৰা ডুমডুমা কলিয়াপানী নিবাসী নিত্য চৌধুৰী আৰু নিৰলা চৌধুৰীৰ পুত্ৰ অংশুমান চৌধুৰীক প্ৰদান কৰা হয় সম্বৰ্ধনা ৷ ডুমডুমা শাখা সাহিত্য সভা প্ৰেক্ষাগৃহত অংশুমান চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
উল্লেখ্য যে, অংশুমান চৌধুৰীয়ে এম টেক ডিগ্ৰীত ফ্ৰান্স বিশ্ববিদ্যালয়ৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি চিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল । উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ডুমডুমা কেন্দ্ৰত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত অংশুমান এগৰাকী কবি, দৌৰবীৰ লগতে বৰ্তমানলৈকে ১২ খন দেশ ভ্ৰমণ কৰিছে ৷
অন্য এক খবৰৰ বাবে: গুৱাহাটীত অনুষ্ঠিত হ'ব লগা "ফিল্ম ফেয়াৰ"ক লৈ ক্ষোভ বুদ্ধিজীৱী,কলা-কৌশলীৰ