ETV Bharat / state

ডিৰাক মহাবিদ্যালয় সম্পৰ্কত মৰাণ ছাত্ৰ সন্থাৰ সংবাদমেল

author img

By

Published : Aug 2, 2020, 5:24 PM IST

কাকপথাৰ ডিৰাক আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিৰ বাবে চৰকাৰলৈ ধন্যবাদ জনাই মৰাণ ছাত্ৰ সন্থাৰ সংবাদমেল সম্বোধন ৷ মহাবিদ্যালয় নিৰ্মাণৰ কাম অতি সোনকালে সমাপ্ত কৰি পাঠদান আৰম্ভ কৰিবলৈও চৰকাৰক অনুৰোধ জনাই সংগঠনটোৱে ৷

কাকপথাৰ ডিৰাক আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ নিযুক্তি
ডিৰাক মহাবিদ্যালয় সম্পৰ্কত মৰাণ ছাত্ৰ সন্থাৰ সংবাদমেল

শদিয়া, 2 আগষ্ট : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অসম-অৰুণাচল সীমান্তৰ ডিৰাকত নিৰ্মীয়মান ডিৰাক আৰ্দশ মহাবিদ্যালয়ত ক্ষীপ্ৰতাৰে অধ্যক্ষ ডঃ থানুৰাম মজিন্দাৰক নিযুক্তি দিয়াৰ বাবে চৰকাৰলৈ ধন্যবাদ জনাই এখন সংবাদমেলৰ আয়োজন কৰে মৰাণ ছাত্ৰ সন্থাই ৷ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিৰ কৰ্মকতাই নিজ কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলখনত বৃহত্তৰ কাকপথাৰ অঞ্চলত দীৰ্ঘদিনৰ দাবীস্বৰূপে এখনি পূৰ্ণাংগ মডেল কলেজ প্ৰদান কৰাৰ বাবে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

সংগঠনটোৱে ডিৰাকত স্থাপন হোৱা মহাবিদ্যালয়খন 'পদ্মনাথ গোঁহাঞিবৰুৱা মডেল ডিগ্ৰী কলেজ' নামেৰে নামকৰণ কৰাৰ লগতে ৰাজ্য চৰকাৰ, ভূমিৰ ক্ষেত্ৰত সহযোগ কৰাৰ বাবে ৰাজহ বিভাগ, স্থানীয় ৰাইজৰ সহায়-সহযোগিতাৰ বাবে সকলোকে কৃতজ্ঞতা জনায় ৷ লগতে নিৰ্মাণৰ কাম খৰতকীয়াকৈ কৰি কলেজৰ শিক্ষাদান ক্ষীপ্ৰতাৰে আৰম্ভ কৰিবলৈও চৰকাৰলৈ অনুৰোধ জনাই সংগঠনটোৱে ৷

উল্লেখ্য যে, 2018 চনতে কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও বৰ্তমানলৈকে সমাপ্ত হোৱা নিৰ্মাণকাৰ্য ৷ মুঠ 1500 আসন থাকিবলগীয়া কলেজখনত কলা আৰু বিজ্ঞান শাখাত শিক্ষাদান কৰা হ’ব জানিব পৰা গৈছে ৷ মহাবিদ্যালয়খনত অধ্যক্ষ নিযুক্তি দিছে যদিও নিৰ্মাণৰ কাম শেষ নহওঁতেই কেনেদৰে পাঠদানৰ কাম আগবাঢ়িব সেইয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়ক : বিগত বৰ্ষৰ অক্টোবৰৰ পৰা ভাৰতীয় ক্ৰিকেটাৰে লাভ কৰা নাই দৰমহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.