ETV Bharat / state

সতীৰ্থক হত্যাৰ ভাবুকি প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ

author img

By

Published : Jan 26, 2021, 4:56 PM IST

প্ৰাক্তন আলফা নেতা জিতেন দত্তই পুনৰ সতীৰ্থক ফোন যোগে হত্যাৰ ভাবুকি প্ৰদান কৰে ৷ অভিযোগ অনুসৰি জিতেন দত্তই ফোন যোগে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল সতীৰ্থ দৰ্শপ্ৰাণ মান্য হাজৰিকাক ৷ এই লৈ সাংবাদিকৰ আগত কি ক'লে দৰ্শপ্ৰাণ মান্য হাজৰিকাই...

Press meet against jiten dutta
সতীৰ্থক হত্যাৰ ভাবুকি প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ

তিনিচুকীয়া , 26 জানুৱাৰী : অভিযোগে লগ নেৰা হৈছে প্ৰাক্তন আলফা নেতা জিতেন দত্তক ৷ পুনৰ সতীৰ্থক ফোন যোগে হত্যাৰ ভাবুকি প্ৰদাণ প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ ৷ অভিযোগ অনুসৰি জিতেন দত্তই ফোন যোগে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল সতীৰ্থ দৰ্শপ্ৰাণ মান্য হাজৰিকাক ৷

এই সন্দৰ্ভত সাংবাদিকক সম্বোধন কৰি দৰ্শপ্ৰাণ মান্য হাজৰিকাই তিনিচুকীয়াৰ প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে ৷ উক্ত সংবাদমেলতে হাজৰিকাই জিতেন দত্তৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে ৷

দৰ্শপ্ৰাণ মান্য হাজৰিকাৰ মতে প্ৰাক্তন আলফা নেতা জিতেন দত্তই দৰ্শপ্ৰাণ মান্য হাজৰিকাক দেওবাৰে দিনৰ প্ৰায় ১ বজাত ফোনযোগে মৃত্যুৰ ভাবুকি দিয়ে । যোৱা কিছুদিনৰ পৰা বিপ্লৱজ্যোতি মোহন নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত তথা ফেচবুকত প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ বিৰুদ্ধে প্ৰকাশ কৰি অহা অভিযোগৰ সৈতে দৰ্শপ্ৰাণ মান্য হাজৰিকাক জড়িত থকাৰ সন্দেহত মৃত্যুৰ ভাবুকি দিছে বুলি মান্য হাজৰিকাই জানিবলৈ দিয়ে ।

ইফালে এই বিষয়টোৰ সন্দৰ্ভত দৰ্শপ্ৰাণ মান্য হাজৰিকাই পানীতোলাৰ আৰক্ষী থানাত জিতেন দত্তৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে, প্ৰাক্তন আলফা নেতা জিতেন দত্ত আৰু তেওঁৰ সতীৰ্থ দৰ্শপ্ৰাণ মান্য হাজৰিকাৰ মাজত কোনো ধৰণৰ ব্যক্তিগত সংঘাত নাছিল ৷ কিন্তু অভিযোগৰ ভিত্তিত জিতেন দত্তই দৰ্শপ্ৰাণ মান্য হাজৰিকাক ফোন যোগে হত্যাৰ ভাবুকি প্ৰদান কৰা বিষয়টোৱে সকলোৰে মাজত আন ৰহস্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: দেশজুৰি পুনৰ ঘোষণা হ‘ব পাৰে লকডাউন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.