ETV Bharat / state

Preparations for Rongali Bihu: ৰঙালী বিহুলৈ সাজু পিঠা বাইদেউ প্ৰেমপ্ৰভা গগৈ - Rangali Bihu 2023

ৰাজ্যৰ চৌদিশে ৰঙালীৰ ৰং । ৰঙালীত ৰং-ৰহইচৰ সমান্তৰালভাৱে জা-জলপানৰো দিহা কৰিছে প্ৰতিগৰাকী গৃহিনীয়ে । পিছে যিসকলে পৰা নাই তেওঁলোকক পিঠা যোগান ধৰিবলৈ সাজু তিনিচুকীয়াৰ গুইজানৰ পিঠা বাইদেউ খ্যাত প্ৰেমপ্ৰভা গগৈ (Premprabha Gogoi busy preparing Bihu pitha in Tinsukia) ।

Premprabha Gogoi busy preparing Bihu pitha in Tinsukia
ৰঙালী বিহুলৈ সাজু পিঠা বাইদেউ প্ৰেমপ্ৰভা গগৈ
author img

By

Published : Apr 12, 2023, 9:12 AM IST

ৰঙালী বিহুলৈ সাজু পিঠা বাইদেউ প্ৰেমপ্ৰভা গগৈ

তিনিচুকীয়া,১২ এপ্ৰিল: চেনেহৰ ব'হাগৰ বিহুলৈ মাজত মাথোঁ এটা দিন বাকী (Rangali Bihu 2023) ৷ বহা’গৰ বিহুৰ আগমনৰ বতৰা পোৱাৰ পাচতে ব্যস্ততা বাঢ়িছে বিহুৱা-নাচনী, শিপিনীৰ (Preparations for Rongali Bihu) । সমানে ব্যস্ততা বাঢ়িছে তিনিচুকীয়া গুইজানৰ পিঠা বাইদেউৰ ৷ গুইজানৰ ৫৬ বছৰীয়া প্ৰেমপ্ৰভা গগৈক সকলোৱে জানে পিঠা বাইদেউ বুলি । কিয়নো বাইদেৱে ২০০১ চনৰ পৰাই বিহুৰ সময়ত ৰাইজক যোগান ধৰি আহিছে ভিন্ন সোৱাদৰ পিঠা (Premprabha Gogoi busy preparing Bihu pitha in Tinsukia) ৷

একপ্ৰকাৰে ক’বলৈ গ’লে একাংশৰ বিহুৰ সময়ত যেন পিঠা বাইদেউ নহ’লে নহয় বিহু ৷ পিঠা বাইদেৱে পিঠা প্ৰস্তুত কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে স্থানীয় ১৭ গৰাকীকৈ মহিলা-যুৱতীক দি আহিছে সংস্থাপনৰ পথ ৷ বজাৰত এতিয়া প্ৰতিবিধ প্ৰয়োজনীয় সামগ্ৰীৰে দাম যথেষ্ট বৃদ্ধি হোৱাৰ কাৰণে ১০টা থকা এটা পিঠা পেকেটৰ মূল্য ৮০ টকাকৈ বিক্ৰী কৰিছে (Self-reliant Premprabha Gogoi by making pitha) ৷

২০০১ চনত আৰম্ভণিৰ সময়ত ১ টা পিঠা ২ টকাকৈ বিক্ৰী কৰিছিল ৷ এতিয়া যিহেতু এক লিটাৰ কেৰাচিন তেলৰ দাম ১০০ টকা হৈ গ’ল, লগতে তিলৰো যথেষ্ট দাম বৃদ্ধি হৈছে ৷ গতিকে কিছু দাম বঢ়াবলৈ বাধ্য হৈ পৰিছে বাইদেউ ৷ প্ৰেমপ্ৰভা গগৈয়ে ব'হাগ বিহু আৰু মাঘ বিহুৰ প্ৰায় তিনি মাহ মান আগৰ পৰাই তিল পিঠা, ঘিলা পিঠা, তিলৰ লাড়ু, গুৰৰ লাড়ু, নিমকি, পকা মিঠৈ, বগা তিলৰ লাড়ু, চিৰা লাড়ু, আখৈ, সান্দহ যথেষ্ট প্ৰস্তুত কৰিব লগা হয় ।

অন্যসময়ত প্ৰয়োজন অনুসৰি পিঠা প্ৰস্তুত কৰাৰ সমান্তৰালভাৱে ভোট জলকীয়া আচাৰ, খৰিচা, অমৰা আচাৰ, আমৰ আচাৰ, পানীটেঙা আদি প্ৰস্তুত কৰে বুলি জানিবলৈ দিয়ে প্ৰেমপ্ৰভা গগৈয়ে ৷ বিহুৰ সময়ত যিমান অৰ্ডাৰ আহে সম্পূৰ্ণ যোগান ধৰিবলৈ কেতিয়াবা অসুবিধা হয় বুলিও উল্লেখ কৰে ৷ এই পিঠা বাইদেৱে প্ৰস্তুত কৰা পিঠা তিনিচুকীয়া, ডিগবৈ, দুলীয়াজান, ডিব্ৰুগড়, মৰাণ, গুৱাহাটীৰ থলগিৰীত বিক্ৰী হোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন বিপণিত বিক্ৰী হয় ৷

এই সন্দৰ্ভত পিঠা বাইদেউ খ্যাত প্ৰেমপ্ৰভা গগৈয়ে মহিলাসকলক উদ্দেশ্যি কয় যে, মানুহৰ যিটো কাম কৰি ভাল পায় তাকেই কৰিব লাগে । ঘৰত এনেয়ে থকাতকৈ ঘৰতে বহি মহিলাসকলে কৰিব পৰা বহুত কাম আছে যাৰ জৰিয়তে নিজক স্বাৱলম্বী কৰিব পাৰি ৷ আজি সময়ত সকলোৱে নিজৰ উপাৰ্জন নিজেই কৰিব লাগে ৷ গতিকে নিজক স্বাৱলম্বী কৰাৰ চেষ্টা কৰিব লাগে ৷ বিহুৰ সময়ত ৰাজ্যখনত ইমানেই পিঠাৰ চাহিদা বৃদ্ধি হয় যে গাঁৱে-ভূঞে অধিকাংশ মহিলাই স্বাৱলম্বী হ’ব পাৰিব ৷

লগতে পঢ়ক: World third tallest man: মৰিগাঁৱত বিশ্বৰ তৃতীয়গৰাকী ওখ ব্যক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.