ETV Bharat / state

Tinsukia municipality controversy: ক্ষমতাকেন্দ্ৰিক যুঁজ অব্যাহত তিনিচুকীয়া পৌৰসভাত - Tinsukia municipality election results

তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি বাছনিক লৈ বিতৰ্ক অব্যাহত আছে (Tinsukia municipality controversy)। প্ৰায় ৬ মাহ ধৰি উন্নয়ন স্থবিৰ তিনিচুকীয়াত । ক্ষোভিত হৈছে সাধাৰণ নাগৰিক ।

Tinsukia municipality controversy
ক্ষমতাকেন্দ্ৰিক যুঁজ অব্যাহত তিনিচুকীয়া পৌৰসভাত
author img

By

Published : Feb 9, 2023, 4:57 PM IST

ক্ষমতাকেন্দ্ৰিক যুঁজ অব্যাহত তিনিচুকীয়া পৌৰসভাত

তিনিচুকীয়া, ৯ ফেব্ৰুৱাৰী : ক্ষমতাকেন্দ্ৰিক যুঁজত ৬ মাহে অচল হৈ পৰিছে তিনিচুকীয়া পৌৰসভা । মন কৰিবলগীয়া যে কেইমাহমান পূৰ্বে অনুষ্ঠিত হৈছিল তিনিচুকীয়া পৌৰসভা নিৰ্বাচন আৰু ১৫ টা ৱাৰ্ডৰ ১৩ টা ৱাৰ্ডতে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰি তিনিচুকীয়া পৌৰসভা দখল কৰিবলৈ সক্ষম হৈছিল (Tinsukia municipality election results)। ইফালে স্থানীয় বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ আশীৰ্বাদত নিশাটোৰ ভিতৰতে ৯ নং ৱাৰ্ডৰ পৰা জয়ী হৈ অহা পুৰণি বিজেপি কৰ্মী জয়ন্ত বৰুৱাক পৌৰপতিৰ দায়িত্ব প্ৰদান কৰা হৈছিল ।

কিন্তু পৌৰসভা গঠন হোৱাৰ ১ মাহ সম্পূৰ্ণ নৌহওঁতেই মহানায়কলৈ পৰিণত হোৱা জয়ন্ত বৰুৱা আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ মাজত হোৱা সংঘাতে পৌৰসভাৰ ভিতৰচ'ৰা উত্তপ্ত কৰিবলৈ আৰম্ভ কৰিলে । ফলস্বৰূপে জয়ন্ত বৰুৱাৰ বিৰুদ্ধে অনাস্থা অনাৰ ষড়যন্ত্ৰ চলিল আৰু কাৰ্যতঃ শেষলৈ জয়ন্ত বৰুৱাক পৌৰপতিৰ আসনৰ পৰা আঁতৰাই দিয়া হ'ল । ক্ষমতাকেন্দ্ৰিক যুঁজখনৰ তাতেই অন্ত নপৰিল (Power centric fight in Tinsukia municipality)।

Tinsukia municipality controversy
ক্ষমতাকেন্দ্ৰিক যুঁজ অব্যাহত তিনিচুকীয়া পৌৰসভাত

জয়ন্ত বৰুৱাক ক্ষমতাৰ পৰা আঁতৰোৱা হ'ল যদিও আজিলৈকে ক্ষমতাৰ অঁৰিয়া-অঁৰি তথা ল'বীকেন্দ্ৰিক যুঁজখনৰ বাবেই আজিলৈকে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি বাছনি কৰাত বিফল হৈছে বিজেপিৰ জিলা আৰু ৰাজ্যিক নেতৃত্ব । মন্ত্ৰী সঞ্জয় কিষাণক সন্তুষ্ট কৰিব নোৱৰাৰ বাবেই জয়ন্ত বৰুৱাক ক্ষমতাৰ প্ৰয়োগেৰে প্ৰেক্ষাপটৰ পৰা আঁতৰাই পঠোৱা হ'ল যদিও ক্ষমতাকেন্দ্ৰিক যুঁজ-বাগৰৰ অন্ত নপৰাৰ বাবেই আজিলৈকে তিনিচুকীয়া পৌৰসভা এগৰাকী পৌৰপতি অবিহনে অচল হৈ পৰি আছে ।

আনহাতে, এই পৌৰপতিৰ ক্ষমতাকেন্দ্ৰিক যুঁজখনত পোহৰলৈ আহিছে আছুৰ প্ৰাক্তন উপ-সভাপতি পুলক চেতিয়া আৰু পবিত্ৰ গগৈৰ নাম । কিন্তু সমগ্ৰ নাটকখনত মুখ্য ভাৱৰীয়াৰ ভূমিকা পালন কৰা তিনিচুকীয়াৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ বেয়াকৈ ব্যৰ্থ হৈছে ৷ তিনিচুকীয়া পৌৰসভাৰ এনে খামখেয়ালি আৰু ভিতৰচ'ৰাৰ উত্তপ্ত ৰাজনীতিৰ মাজত স্তব্ধ হৈ পৰিছে চহৰখনৰ উন্নয়ন ।

মন কৰিবলগীয়া যে, পৌৰসভাৰ ভিতৰচ'ৰাত যিয়েই নহওঁক তিনিচুকীয়া চহৰবাসীৰ পৰা পৌৰসভাই বিগত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ ১৭ জানুৱাৰীলৈ বিভিন্ন কৰৰ নামত সংগ্ৰহ কৰিছে ৫,৭১,৮৮,০১১ টকা । এই সময়ছোৱাত পৌৰসভাই হল্ডিং টেক্সৰ নামত ২,৭৬,৩৪,৫৯৬ টকা, ট্ৰেড লাইচেন্সৰ নামত ৪৪,৯৩,২৫০ টকা, ৰূম ভাড়াৰ নামত ৬০,০১,৬২০ টকা, লীজড প্ৰপাৰ্টি নামত ১৫,৪৮,৫৮১ টকা আৰু আডাৰ হেডছ কালেকচনৰ নামত ১,৭৫,০৯,৯৭৪ টকা ।

মুঠ ৫,৭১,৮৮,০১১ টকা সংগ্ৰহ কৰিছে পৌৰসভাই (Total tax collection Tinsukia municipality)। এই বিশাল সংখ্যক ধনৰাশি তিনিচুকীয়া চহৰৰ ৰাইজৰ পৰা সংগ্ৰহ কৰিলেও তিনিচুকীয়া চহৰৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰি ক্ষমতাকেন্দ্ৰিক অঁৰিয়া-অঁৰিত ব্যস্ত থকা বিষয়টোৱে তিনিচুকীয়াৰ সচেতন মহলক বাৰুকৈয়ে ক্ষোভিত কৰি তুলিছে ।

মন কৰিবলগীয়া যে, ১৫ টা ৱাৰ্ড থকা তিনিচুকীয়া পৌৰসভাৰ জনসংখ্যা ৯৯,৪৪৮ । ১০.৫০ বৰ্গ কিল'মিটাৰ সামৰি লোৱা তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত বহু ঠাইত ৰাস্তা, নলা-নৰ্দমাৰ অৱস্থা তেনেই তথৈবচ । বহু পথত নাই ষ্ট্ৰীট লাইটৰ ব্যৱস্থা । এজাক বৰষুণতে বুৰি যায় তিনিচুকীয়াৰ বহু অঞ্চল । তেনে অৱস্থাত চহৰখনৰ উন্নয়নৰ কথা চিন্তা নকৰি বিজেপি নেতৃত্বাধীন চৰকাৰ ব্যস্ত আছে স্বজন-তোষণ, ক্ষমতাকেন্দ্ৰিক যুঁজত । এই যুঁজখনৰ কেতিয়া অন্ত পৰিব, কেতিয়া তিনিচুকীয়া চহৰৰ উন্নয়ন সাধন হ'ব তাক লৈ চিন্তিত তিনিচুকীয়াৰ সচেতন নাগৰিক ।

লগতে পঢ়ক :Assam Paper Mill Scrap Auction : মুখ্যমন্ত্রীৰ ঘনিষ্ঠক পেপাৰ মিলৰ অস্থাৱৰ সম্পত্তি বিক্ৰীৰ অভিসন্ধি: প্ৰদেশ কংগ্ৰেছ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.