ETV Bharat / state

ফিল'বাৰীত বাট-পথৰ দুৰ্দশা: অথলে গৈছে ৰাইজৰ আবেদন-নিবেদন

তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ ফিল'বাৰীত বাটপথৰ দুৰৱস্থা, অথলে গৈছে ৰাইজৰ আবেদন নিবেদন। নিৰ্বিকাৰ জনপ্ৰতিনিধি ।

author img

By

Published : May 8, 2019, 4:25 PM IST

ফিল'বাৰীত বাট-পথৰ দুৰ্দশা : অথলে গৈছে ৰাইজৰ আবেদন-নিবেদন

তিনিচুকীয়া, 8 মে': তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ গ্ৰামাঞ্চলৰ বাটপথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে জনসাধাৰণক। সমষ্টিটোৰ গাভৰুভেটী গাওঁ পঞ্চায়তৰ ৩নম্বৰ ৱাৰ্ডৰ পুণ্যজান গাঁৱৰ ভগ্ন প্ৰায় পথটোৰ বাবে দীৰ্ঘদিন ধৰি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে গাওঁবাসী ৷ স্বাধীনতাৰ ৭ টা দশক পাৰ হোৱাৰ পাছতো বহিঃ বিশ্বৰ সৈতে সংযোগৰ একমাত্ৰ ভৰসা গাঁওখনৰ বাট-পথত নপৰিল এটাও শিল। বাৰিষাটো বাদেই খৰালি কালতো বোকা গচকি অহা যোৱা কৰিব লাগে অঞ্চলটোৰ জনসাধাৰণে।

ফিল'বাৰীত বাট-পথৰ দুৰ্দশা : অথলে গৈছে ৰাইজৰ আবেদন-নিবেদন

কংগ্ৰেছ চৰকাৰৰ দিনৰপৰাই এই পথচোৱা নিৰ্মাণৰ বাবে বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে স্থানীয় ৰাইজে ৷ কিন্তু আজিকোপতি পথছোৱাৰ উন্নয়নৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে ৷ ৰাইজৰ অভিযোগ কেৱল নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰে ৰাজনৈতিক নেতা পালিনেতাই ৷ বাট-পথৰ দুৰৱস্থাৰ বাবেই বাৰিষা বোকা গছকি বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়াত পৰে ছাত্ৰ-ছাত্ৰী ৷ ৰোগীক চিকিৎসালয়লৈ নিবলৈও যমৰ যাতনা ভোগ কৰিবলগীয়াত পৰে স্থানীয় ৰাইজে ৷ ইয়াৰ পিছতো কিন্তু চকু মুদা কুলিৰ ভাৱত পঞ্চায়ত প্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষ। অঞ্চলটোৰ বাট-পথ শীঘ্ৰেই মেৰামতি নকৰিলে আগন্তুক সময়ত প্ৰতিবাদৰ হুমকি প্ৰদান কৰিছে অঞ্চলবাসীয়ে ৷

Intro:তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ ফিল'বাৰীত বাটপথৰ দুৰৱস্থা, অথলে গৈছে ৰাইজৰ আবেদন নিবেদন ।
নিৰ্বিকাৰ জনপ্ৰতিনিধি ।Body:Date: 08-05-2019

Story: গ্ৰামাঞ্চলৰ বাট-পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে জণসাধাৰণক ।

:ফিল'বাৰীত বাটপথৰ দুৰৱস্থা, অথলে গৈছে ৰাইজৰ আবেদন নিবেদন ।
নিৰ্বিকাৰ জনপ্ৰতিনিধি ।

Story: তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ গ্ৰামাঞ্চলৰ বাটপথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে জনসাধাৰণক । সমষ্টিটোৰ গাভৰুভেটী গাওঁ পঞ্চায়তৰ ৩ নম্বৰ ৱাৰ্ডৰ পুণ্যজান গাওঁৰ ভগ্ন প্ৰায় পথটোৰ বাবে দীৰ্ঘদিন ধৰি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে গাওঁবাসী । এই পথৰ দুৰৱস্থা নেদেখিলে আপুনিও হয়টো বিশ্বাস নকৰিব বিকশিত অসমৰ ফোপোলা স্বৰূপৰ নমুনা । স্বাধীনতাৰ ৭টা দশক পাৰ হোৱাৰ পাছতো বহিঃ বিশ্বৰ সৈতে সংযোগৰ একমাত্ৰ ভৰসা গাওঁখনৰ এই পথ টোত নপৰিল এটাও শিল । পথচোৱাত বাৰিষাটো বাদেই খৰালি কালতো বোকা গচকি অহাযোৱা কৰিব লাগে ইয়াৰ জনসাধাৰণে । বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰপৰাই এই পথচোৱা নিৰ্মাণৰ বাবে বাৰম্বাৰ দাবী জনায় অহাৰ পাছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল । কেৱল নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰে ৰাজনৈতিক নেতা পালিনেতাসকলে । বোকা গচকি অহাযোৱা কৰিব লগীয়া হোৱা বাবেই অঞ্চলটোৰ কণ কণ শিশুৱে বিদ্যালয়ত নিয়মীয়াকৈ অধ্যয়ণৰ বাবে যাব নোৱাৰাৰ লগতে ৰোগীক চিকিৎসাৰ বাবে নিবলৈও ব্যাপক অসুবিধা সন্মুখীন হৈছে জনসাধাৰণ । ইয়াৰ পিছতো কিন্তু চকু মুদা কুলিৰ ভাৱত পঞ্চায়ত প্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষ । কি কংগ্ৰেছ কি বিজেপি সকলো ৰাজনৈতিক দলেই কেৱল ভোট ভিক্ষা কৰিবলৈহে আহে অঞ্চলটোলৈ । সভা-সমিতিবোৰত কেৱল শ্ল'গানতেই আৱদ্ধ হৈ আছে ৰাজনৈতিক নেতাৰ উন্নয়নৰ প্ৰতিশ্ৰুতি তথা বিকশিত অসমৰ সপোন ।

Byte: ভুক্তভোগী স্থানীয় জনতা

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.