ETV Bharat / state

সন্ধিয়াৰ পিছত বহিৰ্জগতৰ সৈতে সংযোগ বিছিন্ন এখন গাঁও - টিৰাপ নৈ

প্ৰায় 110 বছৰীয়া পুৰণি অসম-অৰুণাচল সীমান্তৰ মাৰ্ঘেৰিটা মহকুমাৰ মুংকাম বস্তীৱাৰা গাঁৱৰ ৰাইজে দীৰ্ঘদিনৰ পৰা যাতায়াতৰ ক্ষেত্ৰত সন্মুখীন হৈ আহিছিল বিভিন্ন সমস্যাৰ ৷ উক্ত গাঁৱৰ মাজেৰে বৈ যোৱা খৰশ্ৰোতা টিৰাপ নৈ পাৰ হ’বলৈ দলঙৰ সু-ব্যৱস্থা নথকাত ৰাইজে জীয়াতু ভূগিবলগীয়া হৈছে ৷

poor communication of a village in margherita assam etv bharat news
মাৰ্ঘেৰিটাৰ এখন গাঁৱৰ দুখ লগা অৱস্থা
author img

By

Published : Feb 4, 2021, 9:20 PM IST

মাৰ্ঘেৰিটা,4 ফেব্ৰুৱাৰী: ৰাজ্যৰ বিধ্বস্ত বাট-পথ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বহুকেইখন আঁচনি ৷ সেই আঁচনিসমূহৰ অধীনত উন্নীত কৰা হৈছে ৰাজ্যৰ বাট-পথ ৷ কিন্তু স্বাধীনতাৰ প্ৰায় 74 বছৰ উকলি যোৱাৰ পিছতো জৰাজীৰ্ণ হৈ আছে একাংশ অঞ্চল ৷ তেনে এক অঞ্চলৰ কথা সম্প্ৰতি পোহৰলৈ আহিছে ৷ প্ৰতিদিনে সন্ধিয়াৰ পিছত এই অঞ্চলটোৰ যোগাযোগ বহিৰ্জগতৰ সৈতে বিছিন্ন হৈ পৰে ৷ প্ৰায় 110 বছৰীয়া পুৰণি অসম-অৰুণাচল সীমান্তৰ মাৰ্ঘেৰিটা মহকুমাৰ মুংকাম বস্তীৱাৰা গাঁৱৰ ৰাইজে দীৰ্ঘদিনৰ পৰা যাতায়াতৰ ক্ষেত্ৰত সন্মুখীন হৈ আহিছিল বিভিন্ন সমস্যাৰ ৷ উক্ত গাঁৱৰ মাজেৰে বৈ যোৱা খৰশ্ৰোতা টিৰাপ নৈ পাৰ হ’বলৈ দলঙৰ সু-ব্যৱস্থা নথকাত ৰাইজে জীয়াতু ভূগিবলগীয়া হৈছে ৷

মাৰ্ঘেৰিটাৰ এখন গাঁৱৰ দুখ লগা অৱস্থা

উল্লেখ্য যে, খৰালিকালত স্থানীয় ৰাইজে নিজাববীয়া প্ৰচেষ্টাৰে নৈখন পাৰ হ’বলৈ বাঁহৰ দলং নিৰ্মাণ কৰি লয় ৷ কিন্তু বাৰিষাৰ সময়ছোৱাত বিশেষকৈ এপ্ৰিলৰ পৰা মাত্ৰ এখন নাওৰ সহায়ত নৈ পাৰ হ’বলগীয়া হয় গাঁৱবাসীয়ে ৷ ফলত সন্ধিয়াৰ লগে লগে বাহিৰৰ পৃথিৱীৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰে গাঁৱখনৰ ৷ ইয়াৰোপৰি গাঁৱখনত থকা পথসমূহৰো পকীকৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জীয়াতু ভূগিবলগীয়া হৈছে ৰাইজে ৷ উপায়বিহীন ৰাইজে টিৰাপ নৈৰ ওপৰত এখন দলঙৰ ব্যৱস্থা কৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ৷

লগতে চাওকঃ প্ৰাক্তন বিজেপি সাংসদৰ মতে অসমত হ’ব কংগ্ৰেছৰ চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.