ডুমডুমা,30 এপ্ৰিলঃ লক্ ডাউনৰ মাজতে তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ মইলাপুং মাঝিগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত বিজুলীবন আৰক্ষী চকীৰ অধীনত হত্যাকাণ্ডটো সংঘটিত হয় ৷ হত্যাকাণ্ডটোত প্ৰাণ হেৰুৱায় মাঝিগাঁৱৰ লুটোৰা মালী নামৰ এজন ব্যক্তিৰ দ্বিতীয়া পত্নী তথা তিনিটা সন্তানৰ মাতৃ কল্পনা মালী (৩৫) য়ে ৷ মহিলাগৰাকীৰ মৃতদেহ বুধবাৰে আবেলি নিজগৃহত উদ্ধাৰ হয় ৷
স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লুটোৰা মালীক সোধ-পোছৰ অন্তত আটক কৰে যদিয়ো ব্যক্তি গৰাকীয়ে দোষ স্বীকাৰ কৰা নাই ৷ ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, প্ৰায় 5 বছৰ পূৰ্বে লুটোৰা মালীৰ প্ৰথম পত্নীৰো ৰহস্যজনকভাৱে মৃত্যু হৈছিল । বৰ্তমান মালীৰ দ্বিতীয় পত্নীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ ফিল’বাৰী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে চাওকঃ বিষাক্ত কাঠফুলা খাই দুজনৰ মৃত্যু