ETV Bharat / state

Pathetic road condition: ফিল’বাৰীৰ পুণ্যজান গাঁওবাসীয়ে ভোগ কৰি আহিছে বিভিন্ন সমস্যা - পথৰ জৰাজীৰ্ণ অৱস্থা

পুণ্যজান গাঁৱলৈ নাহে এখন এম্বুলেন্স, ৰাস্তাৰ কালভাৰ্ট ভঙা, বিপদসংকুল হৈছে যাত্ৰা, যিকোনো মুহূৰ্তত সংঘটিত হ’ব পাৰে ভয়াৱহ দুৰ্ঘটনা ।

pathetic road condition
বিপদসংকুল যাত্ৰা
author img

By

Published : Jul 25, 2023, 7:53 PM IST

বিপদসংকুল যাত্ৰা

তিনিচুকীয়া, ২৫ জুলাই : ৰাইজৰ যে বিলৈ, লৈ অনা মৃতদেহো কেতিয়াবা পথৰ দুৰৱস্থাৰ বাবে পৰি যায় ৷ সাত আঠখন গাঁৱৰ ৰাইজৰ বাবে এইখন গাঁৱতেই আছে একমাত্ৰ মৰিশালীখন । জৰাজীৰ্ণ পথৰ বাবে মৃতদেহ কঢ়িয়াবলৈয়ো ভয় । হাজাৰ অসুবিধাতো এখন গাড়ী নোসোমাই এই গাঁৱলৈ ৷ কিমান কষ্ট-যন্ত্ৰণা ভোগ কৰি দিন কটাইছে কেৱল গাঁওখনৰ বাসিন্দাইহে জানে ৷ কোনো মতে আমাৰ ৰাস্তাটো বনাই দিয়ক, চৰকাৰক কাতৰ অনুৰোধ পুণ্যজান গাঁওবাসীৰ ।

তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল’বাৰী অঞ্চলৰ গাভৰুভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নম্বৰ ৱাৰ্ডৰ ভিতৰুৱা পুণ্যজান গাঁওবাসীয়ে ভোগ কৰি আহিছে বিভিন্ন সমস্যা । দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পাচতো গাঁৱখনত নাই যাতায়ত-যোগাযোগৰ সু-ব্যৱস্থা । অন্য বহু সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে এই পুণ্যজান গাওঁবাসী । কিন্তু তেওঁলোকৰ প্ৰথম তথা প্ৰধান সমস্যাটো হ’ল গাওঁখনলৈ সোমাই যোৱা জৰাজীৰ্ণ ৰূপত থকা মূল পথটো ।

নিৰ্বাচিত জনপ্ৰতিনিধি, সাংসদ- বিধায়কক বহুবাৰ আবেদন নিবেদন কৰিলে গাওঁবাসীয়ে । কিন্তু ৭৫ বছৰে গাওঁবাসীৰ সমস্যা সমাধান নহ’ল । পুণ্যজান গাঁৱলৈ সোমাই যোৱা মূল পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে গাওঁবাসীয়ে ভোগ কৰি আহিছে নৰক যন্ত্ৰণা । পথৰ দুৰৱস্থাৰ বাবে গাঁৱখনলৈ আহিব নোৱাৰে এখনো এম্বুলেন্স । যাৰ বাবে ৰোগীক সাঙি কৰি নিব লাগে চিকিৎসালয়লৈ । এই পথত থকা কালভাৰ্ট এটা ভাঙি গৈছে, যাৰ বাবে বিপদসংকুল যাত্ৰা কৰিছে ৰাইজে, যিকোনো মুহূৰ্ততেই সংঘটিত হ’ব পাৰে ভয়াৱহ দুৰ্ঘটনা ।

অন্যহাতে, বৃহত্তৰ ফিল’বাৰী আমগুৰি, বিজুলীবন আদিৰ ৭/৮ খন গাঁৱৰ লোকসকলৰ বাবে এইখন গাঁৱতেই আছে একমাত্ৰ ৰাজহুৱা মৰিশালী । সৎকাৰৰ বাবে অনা মৃতদেহ জৰাজীৰ্ণ পথৰ বাবে পথৰ ওপৰতেই পৰি যায় । এখন গাড়ী নোসোমাই এইখন গাঁৱলৈ । গাওঁবাসীয়ে কিমান কষ্ট -যন্ত্ৰণা ভোগ কৰিছে সেই কথা গাওঁবাসীয়েহে জানিছে । কাতৰ হৈ গাঁওখনৰ ৰাস্তাটো বনাই দিবলৈ অনুৰোধ জনাইছে পুণ্যজান গাঁওবাসীয়ে ৷

লগতে পঢ়ক : Public protest in Margherita:মাৰ্ঘেৰিটাত পথ নিৰ্মাণ নহ'লে ৰাইজে বৰ্জন কৰিব ভোট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.