তিনিচুকীয়া,2 জুলাইঃ তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ বৰ্ষজোৰা ৰূপালী জয়ন্তী সমাৰোহৰ সোমবাৰে শুভাৰম্ভণী হয় ৷ ১৯৯৫ চনত কেইগৰাকীমান শিক্ষানুৰাগী ব্যক্তিৰ বহু ত্যাগ আৰু কষ্টৰে প্ৰতিষ্ঠিত ফিল’বাৰী মহাবিদ্যালয়ে ২৫টা বসন্ত গৰকাত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰী,প্ৰাক্তন ছাত্ৰ-ছাত্ৰী,শিক্ষানুৰাগী ৰাইজ একত্ৰিত হৈ সোমবাৰে পুৱাই বৰ্ষজোৰা কাৰ্যসূচীৰে ৰূপালী জয়ন্তী কাৰ্যসূচী আৰম্ভ কৰে ৷
পুৱাই মহাবিদ্যালয়ৰ চৌহদত পতাকা উত্তোলন,শ্বহীদ তৰ্পনৰ পাছতে বাৰেৰহণীয়া সাংস্কৃতিক শুভাযাত্ৰা উলিয়াই ৷ লগতে ৰূপালী জয়ন্তীৰ এই বৰ্ষজোৰা কাৰ্যসূচীৰ মাজতে মহাবিদ্যালয়খন প্ৰাদেশীকৃত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে অধক্ষ্য তুলসী উপাধ্যায়ে ৷ কাৰণ শিক্ষানুষ্ঠান কৰ্তৃপক্ষই কৰা অভিযোগ অনুসৰি অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনে ৰূপালী জয়ন্তী গৰকাৰ পিছতো প্ৰাদেশীকৰণ নহ'ল মহাবিদ্যালয়খন ৷