শদিয়া, 18 নৱেম্বৰঃ সোমবাৰে তিনিচুকীয়াৰ কাকপথাৰ বৰডিকাৰত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে স্থানীয় ৰাইজে ৷ পথ নিৰ্মাণত হোৱা খেলিমেলিৰ বাবেই পুৱাই ৰাজপথলৈ উলাই আহে অঞ্চলটোৰ ৰাইজ ৷ ৰাইজৰ দাবী যেতিয়ালৈকে প্ৰশাসনে পথ নিৰ্মাণৰ লিখিত প্ৰতিশ্ৰুতি নিদিয়ে, তেতিয়ালৈকে চলি থাকিব পথ অবৰোধ কাৰ্যসূচী ৷
প্ৰাপ্ত তথ্য অনুসৰি, অঞ্চলটোৰ গহৰাগুৰি, নমেচাই, বৰমেচাই হৈ জেঙনী সংযোগী পথচোৱা মেৰামতি কাম বিগত দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে ৷ দুটা পক্ষৰ মাজত চলি থকা খেলি মেলিৰ বাবেই বিভাগে বন্ধ কৰি থৈছে পথছোৱাৰ নিৰ্মাণ কাৰ্য ৷ স্থানীয় বিধায়ক বলিন চেতিয়াই চলিত বৰ্ষৰ 3 মাৰ্চত পথটোৰ আধাৰশিলা স্থাপন কৰিছিল ৷ পথটোৰ নিৰ্মাণকাৰ্য চলি থকাৰ মাজতে মাৰ্ঘেৰিটা সমষ্টিৰ সোনজানৰ একাংশই পথছোৱা মাৰ্ঘেৰিটাৰ সোনাজানৰ বুলি বিভাগীয় কাৰ্যালয়ক খবৰ দিয়াত বিভাগে পথছোৱাৰ কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ দুয়োটা পক্ষৰ টনা আজোৰাৰ ফলত বিগত কেইবা দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে পথছোৱাৰ নিৰ্মাণ কাৰ্য ৷
লগতে পঢ়কঃ নগাঁৱত Etv ভাৰতৰ সাংবাদিকক আক্ৰমণ মৰেল পুলিচগিৰি কৰা ৰাইজৰ !
ইপিনে, অতিষ্ট ৰাইজে সোমবাৰে অসম-অৰুণাচল সংযোগী 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ঘেৰাও কৰে ৷ ৰাইজৰ দাবী যেতিয়ালৈকে প্ৰশাসনে পথ নিৰ্মাণৰ লিখিত প্ৰতিশ্ৰুতি নিদিয়ে, তেতিয়ালৈকে চলি থাকিব পথ অৱৰোধ কাৰ্যসূচী ৷