ডুমডুমা, 14 এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা অঞ্চলৰ প্ৰায় ৫০ টাকৈ দৰিদ্ৰ পৰিয়াল আজিও বঞ্চিত হৈ আছে সাহায্যৰ পৰা । প্ৰাপ্ত তথ্য অনুসৰি, সমষ্টিটোৰ অন্তৰ্গত হাঁহচৰা গাঁও পঞ্চায়তৰ মুলান পথাৰ গাঁৱৰ লোকসকলে, লক ডাউনৰ ২১ দিনতো পোৱা নাই সাহায্যৰ নামত এমুঠি চাউল । দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা মুলান পথাৰৰ একাংশ লোকে হাহাকাৰ কৰিবলগীয়া হৈছে এমুঠি অন্নৰ বাবে । উল্লেখ্য যে, প্ৰায় ৫০টা দৰিদ্ৰ পৰিয়ালে বাস কৰা মুলান পথাৰৰ কাষতেই আছে বহুজাতিক প্ৰতিষ্ঠান হিন্দুস্তান ইউনিলিভাৰ । Corporate Social Responsibility নীতিৰ আধাৰত বহুজাতিক প্ৰতিষ্ঠানসমূহে ভিন্ন সময়ত সাহায্য প্ৰদান কৰি আহিছে যদিও, এই পৰ্যন্ত হিন্দুস্তান ইউনিলিভাৰৰ তৰফৰ পৰা মুলান পথাৰৰ বাসিন্দা সকলে কোনো ধৰণৰ সহায় পোৱা নাই বুলি উল্লেখ কৰে স্থানীয় লোকে ।
লগতে পঢ়কঃ আজিৰ মুখ্য সংবাদ