ETV Bharat / state

তৈল্যখাদ বিস্ফোৰণ : অইলৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ বাঘজানবাসীৰ !

ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অইল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু বাঘজানবাসী ৰাইজৰ প্ৰতিনিধি দলৰ মাজত বৈঠক । অষ্টম দিন পাৰ হৈ যোৱাৰ পাচতো বন্ধ হোৱা নাই বাঘজানৰ অইল ইণ্ডিয়াৰ তৈলখাদৰ পৰা তেল সংমিশ্ৰিত গেছৰ নিৰ্গমন । বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে কৰ্তৃপক্ষক আহ্বান ৰাইজৰ ৷

oil pipeline blast
oil pipeline blast
author img

By

Published : Jun 4, 2020, 2:19 AM IST

ডুমডুমা, 3 জুন : আঠ দিন পাৰ হৈ যোৱাৰ পাচতো বাঘজানৰ অইল ইণ্ডিয়াৰ তৈলখাদৰ পৰা নিৰ্গৰিত হৈ আছে তেল সংমিশ্ৰিত গেছ । ফলত চৰম দুৰ্ভোগ ভুগিব লগীয়া হৈছে অঞ্চলবাসীয়ে । বুধবাৰে ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ আৰু বাঘজান বাসী ৰাইজৰ এটা প্ৰতিনিধিৰ দলৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

বন্ধ হোৱা নাই বাঘজানৰ তেল খাদৰ পৰা গেছ নিৰ্গমন

অইল ইণ্ডিয়াৰ আমন্ত্ৰণ মৰ্মে অনুষ্ঠিত হোৱা বৈঠকত বাঘজান বাসী ৰাইজৰ দাবী চনদৰ ওপৰত আলোচনা কৰা হয় ৷ বাঘজান বাসী ৰাইজৰ প্ৰতিনিধিৰ দলটোৱে সাংবাদিকক জনোৱা অনুসৰি আশানুৰূপ নহ'ল বৈঠকখন ৷ অইল ইণ্ডিয়া কৰ্তৃপক্ষক ক্ষতিগ্ৰস্ত লোকসকলৰ দাবী পূৰণৰ বাবে বৃহস্পতিবাৰে দিনৰ ১২ বজালৈকে অন্তিম সময়সীয়া বান্ধি দিছে ৰাইজে ।

ক্ষতিগ্ৰস্ত লোকসকলৰ দাবী পূৰণৰ বাবে অন্তিম সময়সীয়া বান্ধি দিnে অইলক

উক্ত সময়খিনিৰ ভিতৰত যদিহে অইল ইণ্ডিয়া কৰ্তৃপক্ষই বাঘজান বাসী ৰাইজৰ দাবী চনদ মানি লৈ লিখিত প্ৰতিশ্ৰুতি প্ৰদান নকৰে তেন্তে ক্ষতিগ্ৰস্ত বৃহতৰ অঞ্চলটোৰ ৰাইজে অইল ইণ্ডিয়াৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । আনহাতে, তিনিচুকীয়া জিলা উপায়ুক্তৰ নেতৃত্বত অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ সৈতে বাঘজানবাসী ৰাইজৰ এক উচ্চ পৰ্যায়ৰ বৈঠকৰ দাবী কৰে প্ৰতিনিধিৰ দলটোৱে ।

উল্লেখযোগ্য যে, বাঘজানৰ অইল ইণ্ডিয়াৰ "BGR-5" নম্বৰ তৈলখাদত সংঘটিত হোৱা বিস্ফোৰণৰ ফলত অহৰহ তেল সংমিশ্ৰিত গেছ নিৰ্গত হৈ আছে ৷ এই নিৰ্গমন বন্ধ কৰিবলৈ চিংগাপুৰৰ পৰা দুগৰাকী বিশেষজ্ঞ অহাৰ কথা জনাইছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ।

লগতে পঢ়ক : অস্ত্ৰ হাতত ল'লে অসম আৰক্ষী বহি নাথাকেঃ ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.