ETV Bharat / state

মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীৰে তিনিচুকীয়াত প্ৰতিবাদ - ঋণ দায়গ্ৰস্ত মহিলা

লকডাউন সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবী জনাই তিনিচুকীয়াত প্ৰতিবাদ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি,নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাই এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷ তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগঠন কেইটাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীৰে তিনিচুকীয়াত প্ৰতিবাদ

author img

By

Published : Oct 7, 2020, 6:41 PM IST

তিনিচুকীয়া, 7 অক্টোবৰ: মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৰেহাই আৰু চাহ শ্ৰমিকক ৰেচন কাৰ্ড প্ৰদানৰ দাবীৰে তিনিচুকীয়াত তীব্ৰ প্ৰতিবাদ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি,নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ উদ্যোগত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ মহিলা সকলৰ ঋণ ৰেহাই কৰাৰ দাবী উত্থাপন কৰাৰ লগতে একাংশ চাহ শ্ৰমিকক আজি পর্যন্ত সুলভ মূল্য দোকানৰ ৰেচন প্ৰদান নকৰাক লৈ প্ৰতিবাদকাৰী সকল ক্ষোভিত হৈ পৰে ৷

মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবী জনাই তিনিচুকীয়াত প্ৰতিবাদ

উল্লেখ্য যে লক ডাউন সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ঋণ দায়গ্ৰস্ত মহিলা সকলে সুদ আৰু ঋণৰ বোজা পৰিশোধ কৰিব নোৱাৰি অসহায় হৈ পৰিছে ৷ বিশেষকৈ লকডাউনৰ ফলত ব্যাৱসায়িক কাৰ্যকলাপ একপ্ৰকাৰ বন্ধ হৈ যোৱাৰ ফলত মহিলা সকলে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰাৰ ফলত সুদ আৰু ঋণ ঘূৰাই দিব নোৱাৰি মহিলা সকল এতিয়া দিশহাৰা হৈ পৰিছে৷ সেয়ে কৃষক মুক্তি সংগ্ৰাম সমিতি,নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাই মাইক্ৰফাইনেঞ্চ ঋণ সমূদায় ৰেহাই দিয়াৰ দাবীৰ ওপৰিও চাহ শ্ৰমিক সকলক ৰেচন কাৰ্ড প্ৰদান কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: অইল ইণ্ডিয়াৰ বিৰুদ্ধে তিনিচুকীয়াত কৃষকৰ একক প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.