ETV Bharat / state

বাঘজানত ক্ৰমাৎ কমি আহিছে অক্সিজেন : সঘনাই হৈছে ভূমিকম্পৰ দৰে জোকাৰণি ! - পশুধন

ডেৰ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাটোক ৰেড জ'ন কৰি প্ৰৱেশ নিষিদ্ধ কৰা হৈছে যদিও স্থানীয় লোকৰ অভিযোগ ডেৰ কিলোমিটাৰ দূৰত্বতো কষ্ট হৈছে উশাহ লোৱাত। ইয়াৰ উপৰিও ৰাইজৰ অভিযোগ এলেকাটোত সঘনাই হ'বলৈ ধৰিছে ভূমিকম্পৰ দৰে জোকাৰণি।

Oxygen is constantly depleted at Baghjan
বাঘজানত ক্ৰমাৎ কমি আহিছে অক্সিজেনঃসঘনাই হৈছে ভূমিকম্পৰ দৰে জোকাৰণি
author img

By

Published : Jun 15, 2020, 10:58 PM IST

Updated : Jun 16, 2020, 12:25 PM IST

তিনিচুকীয়া,15জুনঃ ক্ৰমান্বয়ে ভয়াৱহ হৈ উঠিছে বাঘজান অগ্নিপিণ্ডৰ চৌপাশৰ বসতি স্থলীৰ পৰিৱেশ ৷ ইতিমধ্যে বহুসংখ্যক লোকৰ বাসগৃহ জাহ যোৱাৰ লগতে মৃত্যু হৈছে পশুধনৰ ৷ ইয়াৰ উপৰি খেতি-পথাৰ পৰ্যন্ত নষ্ট হৈ যোৱাৰ ফলত সর্বশ্রান্ত হৈ পৰিছে শ শ পৰিয়াল ৷ তেনে সময়তে আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ পৰিছে স্থানীয় লোকসকল ৷ অগ্নিপিণ্ডটোৰ পৰা অহৰহ নিৰ্গত জুই আৰু ধোঁৱাৰ ফলত অক্সিজেনৰ মাত্ৰা কমি আহিছে ৷ 14 টাকৈ আশ্ৰয় শিবিৰত অধিকাংশ ক্ষতিগ্ৰস্তক স্থানান্তৰ কৰা হৈছে যদিও জুই নিৰ্গত তৈল খাদটোৰ প্ৰায় ডেৰ কিলোমিটাৰলৈকে অক্সিজেনৰ প্ৰভাৱ কম।

বাঘজানত ক্ৰমাৎ কমি আহিছে অক্সিজেনঃসঘনাই হৈছে ভূমিকম্পৰ দৰে জোকাৰণি

ডেৰ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাটোক ৰেড জ'ন কৰি প্ৰৱেশ নিষিদ্ধ কৰা হৈছে যদিও স্থানীয় লোকৰ অভিযোগ ডেৰ কিলোমিটাৰ দূৰত্বতো কষ্ট হৈছে উশাহ লোৱাত। ইয়াৰ উপৰিও ৰাইজৰ অভিযোগ এলেকাটোত সঘনাই হ'বলৈ ধৰিছে ভূমিকম্পৰ দৰে জোকাৰণি। জোকাৰণিৰ ফলত ফাঁট মেলিছে পকী ঘৰৰ দেৱাল আৰু খিৰিকীৰ কাঁচত ৷ এইদৰেই জোকাৰণি অব্যাহত থাকিলে আন এক অনাকাংক্ষিত ভয়াৱহতাও নুই কৰিব নোৱাৰি বুলি মন্তব্য কৰে স্থানীয় লোকে ৷

উল্লেখযোগ্য যে,জুই নিৰ্বাপন কৰিবৰ বাবে আমেৰিকাৰ লগতে আন দেশৰ বিশেষজ্ঞৰ দল আহিছে যদিও কেতিয়া এই জুই নিৰ্বাপিত হ'ব সেই সন্দৰ্ভত এতিয়াও সঠিক তথ্য প্ৰকাশ কৰিব পৰা নাই ৷

লগতে পঢ়কঃএকেলগে হাত ভৰি মুখেৰে ছবি আঁকিব পৰা যুৱকজন

Last Updated : Jun 16, 2020, 12:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.