ETV Bharat / state

ডুমডুমাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ মালিকীস্বত্বকলৈ বিতর্ক - বিদ্যালয়

শিক্ষাৰ বাণিজ্যিকৰণ বৰ্তমান পৰিণত হৈছে লাভজনক ব্যৱসায়ৰূপে । এই কথা প্ৰমাণ কৰিছে ডুমডুমাৰ 'লার্ণার্চ হাইস্কুল' নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনে । ডুমডুমাৰ অন্যতম প্ৰতিষ্ঠিত ব্যক্তিগত মালিকাধীন বিদ্যালয়খনৰ মালিকীস্বত্বকলৈ বিতর্ক চৰম পৰ্যায় পাইছেগৈ ।

DOOMDOMA
author img

By

Published : May 26, 2019, 11:05 PM IST

Updated : May 26, 2019, 11:31 PM IST

ডুমডুমা,26 মে' :ডুমডুমাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ মালিকীস্বত্বলৈ বিতর্ক । ছাত্ৰ - ছাত্ৰীৰ ভৱিষ্যতকলৈ শংকিত অভিভাৱক । শিক্ষাৰ বাণিজ্যিকীকৰণ বৰ্তমান পৰিণত হৈছে লাভজনক ব্যৱসায়ৰূপে । এই কথা প্ৰমাণ কৰিছে ডুমডুমাৰ 'লার্ণার্চ হাইস্কুল' নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনে । ডুমডুমাৰ অন্যতম প্ৰতিষ্ঠিত ব্যক্তিগত মালিকাধীন বিদ্যালয়খনৰ মালিকীস্বত্বকলৈ বিতর্ক চৰম পৰ্যায় পাইছেগৈ । 1992 চনত ডুমডুমাৰ ৰূপাই চাইডিংত মূলতে কেৰালাৰ নিবাসী ভার্গিশ পঞ্জীকৰণ নামৰ লোকজনে বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল । দিনকে দিনে শিক্ষা আৰু আন্ত:গাথনিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হোৱা বিদ্যালয়খনৰ স্বত্বাধিকাৰী ভার্গিশ পঞ্জীকৰণে অর্থৰ অভাৱৰ কাৰণে ডুমডুমাৰ বৰহাপজানৰ নিবাসী সঞ্জয় গুপ্তা নামৰ ব্যক্তিৰ সৈতে চুক্তি স্বাক্ষৰিত কৰি এক কোটি টকাৰ বিনিময়ত বিদ্যালয়খনৰ স্বত্ব স্থানান্তৰিত কৰে । দুয়ো পক্ষৰ চুক্তিমতে পূর্বৰ স্বত্বাধিকাৰ ভার্গিশ পঞ্জিকৰণ পূর্বৰ দৰেই বিদ্যালয় খনৰ অধ্যক্ষ হৈ থাকিব কিন্তু বিদ্যালয়খনৰ প্রশাসনিক দায়িত্ব সঞ্জয় গুপ্তাৰ অধীনত থাকিব ।

ডুমডুমাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ মালিকীস্বত্বকলৈ বিতর্ক

পৰৱর্তী সময়ত বিদ্যালয়খনৰ আৰ্থিক লেনদেনক লৈ দুই ফৈদৰ মাজত মতানৈক্যৰ সৃষ্টি হোৱাত ভার্গিশ পঞ্জীকৰণক বিদ্যালয়খনৰ অধ্যক্ষ পদৰ পৰা আঁতৰাই বিদ্যালয়খনৰ সমস্ত দায়িত্ব সঞ্জয় গুপ্তায়ে নিজ অধীনলৈ আনে । ইয়াৰ ফলত বিদ্যালয়খনৰ ভিতৰচৰাত এক চেপা-উত্তেজনাৰ সৃষ্টি হৈ থকাৰ পাচতে দেওবাৰে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰীক সম্বর্ধনা জনোৱাৰ উদ্দেশ্যে বিদ্যালয়খনত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানত ভার্গিশ পঞ্জীকৰণক আমন্ত্ৰণ জনোৱা হোৱা নাছিল । এই বিষয়টোকলৈ অনুষ্ঠানত উপস্থিত একাংশ ছাত্ৰ-ছাত্ৰী, আৰু অভিভাৱক লগতে অন্যান্য লোক সকলে তীব্ৰ প্ৰতিবাদ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

তথ্য অনুসৰি, সঞ্জয় গুপ্তায়ে বিদ্যালয়খনৰ মালিকীস্বত্ব দাবী কৰি আদালতৰ কাষ চাপে আৰু তেওঁ দাবী কৰা মতে আদালতে সম্পূৰ্ণ ৰূপে সঞ্চয় গুপ্তাৰ পক্ষত ৰায়দান কৰা স্বত্তেও ভার্গিশ পঞ্জীকৰণে বিদ্যালয়খনৰ মালিকীস্বত্ব নিজ হাতত ৰখাৰ ষড়যন্ত্ৰত লিপ্ত হৈ বিদ্যালয়খনত একাংশ বাহিৰৰ লোকৰ হতোৱাই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। আনহাতে ভার্গিশ পঞ্জীকৰণে অভিযোগ কৰে যে, সঞ্জয় গুপ্তাই অনৈতিক ভাৱে বিদ্যালয়খন নিজৰ অধীনত আনিবৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে, কিন্তু ইয়াৰ মাজত বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ - ছাত্ৰীৰ আৰু শিক্ষক-শিক্ষয়ত্রী সকল নিজ ভৱিষ্যতকলৈ শংকিত হৈ পৰা পৰিলক্ষিত হৈছে । বিদ্যালয়খনৰ অভিভাৱক সকলে বিদ্যালয়খনত অব্যাহত থকা বেমেজালিয়ে ছাত্ৰ -ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত বিৰোপ প্ৰভাৱ পেলাব বুলি অভিযোগ কৰি শীঘ্রে বিতৰ্ক সমাপ্ত কৰি বিদ্যালয়খনত শিক্ষাৰ পৰিবেশ ঘূৰাই অনাৰ দাবী তুলিছে ।

Intro:Date: 26/05/2019

Slug: ডুমডুমাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ মালিকীস্বত্বলৈ বিতর্ক । ছাত্ৰ - ছাত্ৰীৰ ভৱিয্যতকলৈ সংকিত অভিভাৱক ।

Story: শিক্ষাৰ বানিজ্যিকৰণ বৰ্তমান নিশ্চিত লাভজনক ব্যৱসায় ৰূপে পৰিগনিত হৈছে । এই কথা প্ৰমাণ কৰিছে ডুমডুমাৰ 'লার্ণার্চ হাইস্কুল' নামৰ ব্যক্তিগত খণ্ডৰ এইখন বিদ্যালয়ে । ডুমডুমাৰ অন্যতম প্ৰতিষ্ঠিত ব্যক্তিগত মালিকাধিন বিদ্যালয়খন বৰ্তমান মালিকীস্বত্বকলৈ বিতর্ক চৰম পৰ্যায় পাইছেগৈ । 1992 চনত ডুমডুমাৰ ৰূপাই চাইডিংত মুলতে কেৰালাৰ নিবাসী ভার্গিশ পঞ্জীকৰণ নামৰ লোকজনে বিদ্যালয় খন প্ৰতিষ্ঠা কৰিছিল । দিনকে দিনে শিক্ষা আৰু আন্ত:গাঠনিৰ ক্ষেত্ৰত যতেষ্ঠ উন্নতি কৰিবলৈ সক্ষম হোৱা বিদ্যালয় খনৰ স্বতাধিকাৰ ভার্গিশ পঞ্জীকৰণে অর্থৰ অভাৱৰ কাৰণে ডুমডুমাৰ বৰহাপজানৰ নিবাসী সঞ্জয় গুপ্তা নামৰ ব্যক্তিৰ সৈতে চুক্তি স্বাক্ষৰিত কৰি এক কোটি টকাৰ বিনিময়ত বিদ্যালয় খন চলোৱাৰ স্বত্ব স্থানান্তৰিত কৰে । দুয়ো পক্ষৰ চুক্তিমতে পূর্বৰ স্বতাধিকাৰ ভার্গিশ পঞ্জিকৰণ পূর্বৰ দৰেই বিদ্যালয় খনৰ অধ্যক্ষ হৈ থাকিব কিন্তু বিদ্যালয় খনৰ প্রশাসনিক দায়িত্ব সঞ্জয় গুপ্তাৰ অধিনত থাকিব । পৰৱর্তি সময়ত বিদ্যালয়খনৰ আৰ্থিক লেনদেনক লৈ দুই ফৈদৰ মাজত মতানৈক্যৰ সৃষ্টি হোৱাত ভার্গশ পঞ্জীকৰণক বিদ্যালয়খনৰ অধ্যক্ষ পদৰ পৰা আতৰাই বিদ্যালয়খনৰ সমস্ত দায়িত্ব সঞ্জয় গুপ্তায়ে নিজ আয়ত্বতলৈ আনে । ইয়াৰ ফলত বিদ্যালয়খনৰ ভিতৰচৰাত এক চেপা-উত্তেজনাৰ সৃষ্টি হৈ থকাৰ পিছত আজি পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰীক সম্বর্ধনা জনোৱাৰ উদ্দেশ্যে বিদ্যালয়খনত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । অনুষ্ঠানত ভার্গিশ পঞ্জীকৰণক আমন্ত্ৰণ জনোৱা হোৱা নাছিল । এই বিষয়টো অনুষ্ঠানত উপস্থিত একাংশ ছাত্ৰ-ছাত্ৰী, আৰু অভিভাৱক লগতে অন্যান্য লোক সকলে তীব্ৰ প্ৰতিবাদ কৰি পৰিস্তিতি উত্তপ্ত কৰি তোলে । সঞ্জয় গুপ্তায়ে বিদ্যালয়খনৰ মালিকীস্বত্ব দাবী কৰি আদালতৰ দ্বাৰস্ত হয় আৰু তেওঁ দাবী কৰা মতে আদালতে সম্পূৰ্ণ ৰূপে সঞ্চয় গুপ্তাৰ পক্ষত ৰায়দান কৰা স্বত্তেও ভার্গিশ পঞ্জীকৰণে বিদ্যালয়খনৰ মালিকীস্বত্ব নিজ হাতত ৰখাৰ ষড়যন্ত্ৰত লিপ্ত হৈ বিদ্যালয়খনত একাংশ বাহিৰৰ লোকৰ হতোৱাই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগ । আনহাতে ভার্গিশ পঞ্জীকৰণে অভিযোগ কৰে যে সঞ্জয় গুপ্তাই অনৈতিক ভাৱে বিদ্যালয় খন নিজ অধিনত লবলৈ ষড়যন্ত্ৰ কৰিছে, কিন্তু ইয়াৰ মাজত বিদ্যালয় খনত অধ্যয়নত ছাত্ৰ - ছাত্ৰীৰ আৰু শিক্ষক-শিক্ষয়ত্রী সকল নিজ ভৱিয্যতকলৈ সংকীত হৈ পৰা পৰিলক্ষিত হৈছে । বিদ্যালয় খনৰ অভিভাৱক সকলে বিদ্যালয় খনত অব্যাহত থকা বেমেজালিত ছাত্ৰ -ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত বিৰোপ প্ৰভাৱ পৰা বুলি অভিযোগ কৰি শিঘ্রে বিতৰ্ক সমাপ্ত কৰি বিদ্যালয়খনত শিক্ষাৰ পৰিবেশ ঘুৰাই অনাৰ দাবী তুলিছে ।

Byte ::

ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমBody:Date: 26/05/2019

ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
Last Updated : May 26, 2019, 11:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.