ETV Bharat / state

Parag Kumar Bhuyan Death Mystry: কাকপথাৰৰ মৃত্যু বাৰ্ষিকীত স্মৰণ সাংবাদিকগৰাকীক - সাংবাদিক পৰাগ কুমাৰ ভূঞাৰ ৰহস্যজনক মৃত্যু

এবছৰেও ৰহস্য ভেদ ন’হল কাকপথাৰৰ সাংবাদিক পৰাগ কুমাৰ ভূঞাৰ আকস্মিক মৃত্যুৰ ৷ শদিয়াত মৃত্যু বাৰ্ষিকীত প্ৰয়াত সাংবাদিক গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৷

ne-year-death-anniversary-of-senior-journalist-parag-kumar-bhuyan
মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ ভূঞালৈ
author img

By

Published : Nov 13, 2021, 2:06 PM IST

শদিয়া, 13 নৱেম্বৰ : 12 নৱেম্বৰত এটা বছৰ সম্পূৰ্ণ হ’ল সাংবাদিক পৰাগ কুমাৰ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ৷ কিন্তু আজিও তদন্ত ৰাজহুৱা নকৰিলে আৰক্ষী তথা অনুসন্ধানকাৰী দলে ৷ সাংবাদিকতাৰ লগতে এজন প্ৰকৃত সমাজকৰ্মী হিচাপেও কাম কৰি গৈছিল পৰাগ কুমাৰ ভূঞাই ৷

one-year-death-anniversary-of-senior-journalist-parag-kumar-bhuyan
কাকপথাৰৰ সাংবাদিক পৰাগ কুমাৰ ভূঞাক মৃত্যু বাৰ্ষিকীত স্মৰণ

প্ৰথম মৃত্যু বাৰ্ষিকীত গভীৰ শোক প্ৰকাশ কৰি সাংবাদিক সংগঠনৰ লগতে বিভিন্ন দল-সংগঠন, কাকপথাৰ প্ৰেছ ক্লাবৰ সভাপতি, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ সভাপতি তথা সক্ৰিয় সমাজকৰ্মী প্ৰয়াত সাংবাদিক গৰাকীক স্মৰণ কৰে ৷ তেওঁৰ স্মৃতিত কাকপথাৰ প্ৰেছ ক্লাবৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

কাকপথাৰ হিন্দী বিদ্যালয়ৰ প্ৰাংগণত অৱস্থিত ছাত্ৰসন্থাৰ শ্বহীদ বেদীৰ সন্মুখত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই প্ৰয়াত সাংবাদিকগৰাকীৰ ৰহস্যজনক মৃত্যুত CID এ কৰা তদন্তৰ তথ্য শীঘ্ৰেই ৰাজহুৱা কৰাৰ দাবী তোলে ৷

কাকপথাৰ প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজন কৰা এই কাৰ্যসূচীত সহযোগ কৰে কাকপথাৰৰ সাংবাদিক সকলৰ লগতে আপকু তিনিচুকীয়া জিলা সমিতি, আছু, যুৱ ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থাৰ লগতে অঞ্চলটোৰ বহুকেইটা দল সংগঠনে ৷ উক্ত কাৰ্যসূচীত আটাইকেইটা সংগঠনৰ বিষয়বৱীয়াই শীঘ্ৰেই CID তদন্তৰ তথ্য ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰে ৷

লগতে চাওক : বিশ্ব মহানুভৱতা দিৱস 2021 : ইতিহাস আৰু তাৎপৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.