ETV Bharat / state

আলফাৰ প্ৰতিবাদ দিৱসৰ দুদিন পূৰ্বে গ্ৰেণেড বিস্ফোৰণে সূচাইছে কি ?

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 12:57 PM IST

Updated : Nov 23, 2023, 1:31 PM IST

বিস্ফোৰণৰ পিছদিনাই তিনিচুকীয়া আৰক্ষীৰ জালত গ্ৰেণেডসহ আলফা স্বাধীনৰ কেডাৰ ৷ সবিশেষ আগলৈ-

Etv Bharat
আৰক্ষীৰ জালত গ্ৰেণেডসহ আলফা স্বাধীনৰ কেডাৰ

তিনিচুকীয়া, 23 নৱেম্বৰ : 22 নৱেম্বৰ অৰ্থাৎ বুধবাৰৰ দিনা তিনিচুকীয়া জিলাৰ কাকপথাৰত সংঘটিত হয় এক গ্ৰেণেড নিক্ষেপৰ ঘটনা ৷ বাইকত অহা দুষ্কৃতিকাৰীয়ে ডিৰাক কপাহতলীত ভাৰতীয় সেনা বাহিনীৰ চাউনিলৈ লক্ষ্য কৰি এই গ্ৰেণেড নিক্ষেপ কৰিছিল ৷ সন্ধিয়াৰ এই ঘটনাটোৱে উজনি অসমত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে ৷ যিহেতু 28 নৱেম্বৰত আলফা স্বাধীনৰ প্ৰতিবাদ দিৱস, তাৰ প্ৰাকক্ষণত এই গ্ৰেণেড বিস্ফোৰণে সকলোৰে মনত আলফা স্বাধীনৰ স্থিতিক লৈ সন্দেহৰ সৃষ্টি কৰিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, সেনা বাহিনীৰ শিবিৰৰ কাষতে পৰি বিস্ফোৰিত হয় গ্ৰেণেডটো ৷ গ্ৰেণেড বিস্ফোৰণত অৱশ্যে কোনো লোক হতাহত হোৱা নাই ৷ পৰৱৰ্তী সময়ত সমগ্ৰ অঞ্চলটোত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে ৷

মন কৰিবলগীয়া কথাটো হ’ল যে, বিস্ফোৰণৰ পিছদিনাই তিনিচুকীয়া আৰক্ষীৰ জালত পৰিছে এজন আলফা(স্বাঃ)ৰ কেডাৰ ৷ তিনিচুকীয়া আৰক্ষীৰ জালত পৰা কেডাৰগৰাকী অচ্যুতানন্দ নেওগ ওৰফে নিলয় অসম । নিলয় অসম আলফা(স্বাঃ)ৰ বিশেষ অভিযানকাৰী গোটৰ সদস্য আছিল বুলি বিশেষ সূত্ৰত প্ৰকাশ পাইছে । তিনিচুকীয়াৰ বিভিন্ন স্থানত বিস্ফোৰণৰ পৰিকল্পনাৰে আহিছিল নিলয় অসম ৷

Etv Bharat
নিলয় অসম

2022 ত পত্নীসহ আলফা(স্বাঃ)লৈ গৈছিল কৰিছিল নিলয় অসমে । সম্প্ৰতি আলফা স্বাধীনতেই আছে নিলয় অসমৰ পত্নী । উল্লেখযোগ্য যে, আলফা স্বাধীনৰ 28 নৱেম্বৰত প্ৰতিবাদ দিৱস ৷ প্ৰতিবাদ দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত বোমা বিস্ফোৰণ কৰাৰ উদ্দেশ্যেই শিবিৰৰ পৰা নামি অহাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে নিলয় অসমক আটক কৰি তিনিচুকীয়া আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সকলো তথ্য ।

Etv Bharat
গ্ৰেণেড বিস্ফোৰণে সূচাইছে কি

এতিয়া বুধবাৰে সন্ধিয়া কাকপথাৰৰ ডিৰাক আৰ্মী কেম্পৰ সমীপত গ্ৰেণেড নিক্ষেপ কৰাৰ ঘটনাও আলফা স্বাধীনে কৰা বুলিয়ে সন্দেহ প্ৰকাশ কৰা হৈছে আৰু গ্ৰেণেডটো বিস্ফোৰিত হোৱাৰ পাচতে আৰক্ষীয়ে চৌদিশে তন্ন-তন্নকৈ অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Minister Bimal Borah: আলফা (স্বা)লৈ যোৱাৰ চিন্তা বাদ দিবলৈ অসমৰ যুৱচামক আহ্বান মন্ত্ৰী বিমল বড়াৰ

Last Updated : Nov 23, 2023, 1:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.