মাৰ্ঘেৰিটা , 14 অক্টোবৰঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাইৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী ডাম্পাৰ গাড়ীয়ে খুণ্ডিয়াই এজন স্কুটী আৰোহী ৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, স্কুটী আৰোহীগৰাকীৰ শৰীৰ খণ্ড-বিখণ্ড হৈ পৰে ৷ দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰসহ পলায়ন কৰিলে চালকে ৷ এতিয়ালৈকে জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ পৰিচয় ৷ উল্লেখ্য যে, জাগুন - মাৰ্ঘেৰিটা পথত তীব্ৰ বেগত অহা ডাম্পাৰজাতীয় গাড়ীৰ এনে দুৰ্ঘটনা সঘনাই সংঘটিত হ'বলৈ লোৱাত শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ অগপত যোগদান জয়নাথ শৰ্মাৰ