ETV Bharat / state

ৰহস্যজনক অৱস্থাত মৃত্যু অৰুণাচল আৰক্ষী জোৱানৰ - মৃতদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ অৰুণাচল আৰক্ষীৰ এগৰাকী জোৱানৰ মৃতদেহ ৷ পূৱ অৰুণাচলৰ চাংলা জিলাৰ দায়ুনস্থিত দ্বিতীয় ইণ্ডিয়ান ৰিজাৰ্ভ বেটালিয়নত কৰ্মৰত আছিল জোৱানজন ৷

প্ৰতিনিধিত্বমুলক ছবি
author img

By

Published : Jul 29, 2019, 11:04 PM IST

তিনিচুকীয়া, 29 জুলাইঃ অৰুণাচল আৰক্ষীৰ ভাৰতীয় সংৰক্ষিত বেটালিয়ন (Indian Reserve Battalion)ত কৰ্মৰত জোৱানৰ মৃতদেহ উদ্ধাৰ ৷ দেওবাৰে নিশা নিজৰ কৰ্তব্য সমাপন কৰি ৰাজ্যখনৰ দায়ুনস্থিত শাখা মুখ্যালয়ত ৰহস্যজনক অৱস্থাত মৃত্যু হয় ছেংগি খান্দু ছিনছাজী নামৰ জোৱানজনৰ ৷ পৰৱৰ্তী সময়ত জোৱানজনৰ মৃতদেহটো কেম্পৰ সমীপৱৰ্তী এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰাৰ পিচতে সমগ্ৰ ঘটনাটো অধিক ৰহস্যৰ মাজত সোমাই পৰে ৷ ইফালে মৃতদেহৰ গাত লাগি থকা তেজ আৰু আঘাটৰ চিনলৈ লক্ষ্য কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী আৰক্ষীয়ে ৷ ঘটনাস্থলীত চাংলাং, লোহিত আৰু নামছাই জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে দায়ুনস্থিত প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ৷ নিহত জোৱানজনৰ ঘৰ কামেং জিলাৰ বমডিলাৰ নিকটৱৰ্তী ৰূপাত বুলি জানিব পৰা হৈছে ৷

ৰহস্যজনক অৱস্থাত মৃত্যু অৰুনাচল আৰক্ষী জোৱানৰ

Intro:Story:- অৰুণাচলৰ ডায়ুনত IRBN ৰ জোৱানৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য ।

Oc/vo:- পূৱ অৰুণাচলৰ চাংলাং জিলাৰ দায়ুনত দ্বিতীয় IRBN ৰ এজন জোৱানৰ সন্দেহজনক মৃত্যুয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিবৰণ অনুসৰি যোৱা নিশা নিজৰ কৰ্তব্য সামৰি IRBN ৰ দায়ুন শাখা মুখ্য কেম্পত থকা অৱস্থাতে ৰিনছিন নৰবু ছিনছাজীৰ পুত্ৰ ছেংগি খান্দু ছিনছাজী (৩২) ৰ ৰহস্যজনক ভাৱে মৃত্যু হয় । ইফালে মৃত জোৱান খান্দুৰ মৃতদেহ কেম্পৰ এটা পুখুৰীত ৰহস্যজনক ভাৱে উদ্ধাৰৰ পাছতে আৰু অধিক ৰহস্যৰ মাজত সোমাই পৰে সমগ্ৰ ঘটনা । জোৱানজনৰ মৃতদেহত আঘাতৰ চিহ্নলৈ চাই ইয়াক হত্যাকাণ্ড বুলি আৰক্ষীয়ে সন্দেহ কৰিছে যদিও মৃত জোৱান জনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছতে পোহৰলৈ আহিব সমগ্ৰ তথ্য । ইফালে ঘটনাৰ খৱৰ লাভ কৰাৰ পিছতে অৰুণাচলৰ চাংলাং লুহিত আৰু নামছাই জিলাৰ শীৰ্ষ পৰ্যায়ৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । অন্যহাতে জোৱানজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে দায়ুনৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লগতে সন্ধিয়াৰ ভাগলৈ কামেং জিলাৰ বমডিলাৰ ৰূপাত থকা স্বগৃহলৈ প্ৰেৰণ কৰিব জোৱান জনৰ মৃতদেহ ।Body:NilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.