ETV Bharat / state

oil smuggling in Assam :তিনিচুকীয়াত চোৰাং কণ্ডেনচেটসহ আটক দুই

তিনিচুকীয়াত কণ্ডেনচেট চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ৷ ৰঙত ব্যৱহাৰ কৰা থীনাৰ হিচাপে ব্যৱসায় চলাই আহিছে একাংশ ব্য়ৱসায়ীয়ে ।

oil smuggling in Assam
পুনৰ সক্ৰিয় তেল চুৰি চক্ৰ
author img

By

Published : Jul 4, 2023, 8:38 PM IST

পুনৰ সক্ৰিয় তেল চুৰি চক্ৰ

তিনিচুকীয়া, ৪ জুলাই: ৰাজ্যত পুনৰ সক্ৰিয় আছে তেল চুৰি চক্ৰ । বছৰ বছৰ ধৰি উজনি অসমত বৃহৎ পৰিমাণৰ অইলৰ কণ্ডেনচেট চুৰি হৈ আহিছে ৷ এতিয়া কণ্ডেনচেট চুৰিৰ ঘটনা একাংশৰ বাবে হৈ পৰিছে সাধাৰণ ঘটনা । অসাধু চক্ৰই অইলৰ তৈল খাদসমূহৰ পৰা সৰবৰাহ কৰা পাইপৰ পৰা ভাল্ব সংযোগ কৰি চুৰি কৰে কণ্ডেনচেট ৷ কিন্তু এই চুৰি কণ্ডেনচেট ক’ত কেনেকৈ চলে ব্যৱসায় সেই সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

অইলৰ চুৰি কণ্ডেনচেট ক’ত কেনেকৈ কিয় ব্যৱহাৰ কৰা হয় তাৰ ৰহস্য ফাদিল কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে তিনিচুকীয়া আৰক্ষীয়ে ৷ অইলৰ চুৰি কণ্ডেনচেট তিনিচুকীয়াৰ বজাৰত স্থানীয় ভাৱে ৰঙত ব্যৱহাৰ কৰা থীনাৰ হিচাপে বছৰ বছৰ ধৰি ব্যৱসায় চলাই আহিছে তিনিচুকীয়াৰ একাংশ ব্য়ৱসায়ীয়ে ৷ এই অবৈধ থীনাৰৰ বিৰুদ্ধে এতিয়া তিনিচুকীয়া আৰক্ষীয়ে তিনিচুকীয়া চহৰৰ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত চলাইছে ব্যাপক অভিযান ৷

লগতে পঢ়ক:VP Jagdeep Dhankar Assam Visit: IIT গুৱাহাটীৰ ২৫সংখ্যক সমাৱৰ্তনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখড়

সোমবাৰে আবেলি তিনিচুকীয়া চহৰৰ দেৱীপুখুৰীৰ AS TRADING আৰু GS TRADING ৰ গুদামত অভিযান চলাই ৬ হাজাৰ লিটাৰ অবৈধ কণ্ডেনচেট জব্দ কৰে । আৰক্ষীয়ে এই ঘটনাৰে জড়িত GS TRADINGৰ নিখিল সেথীক আটক কৰিছে ৷

ইপিনে, নিশাই বাৰেকুৰিৰ ন-মটাপুং গাঁৱত আৰক্ষীয়ে অভিযান চলাই ঘৰতে এটা কাৰখানা প্ৰস্তুত কৰি চলাই থকা স্থানৰ পৰা বৃহৎ সংখ্যক চোৰাং কণ্ডেনচেট জব্দ কৰিবলৈ সক্ষম হয় । এই ঘটনাৰে জড়িত থকাৰ অভিযোগত পৰেশ চেতিয়াক আটক কৰিছে তিনিচুকীয়া আৰক্ষীৰ অপৰাধ শাখাই ৷ আৰক্ষীয়ে সদৰী কৰা মতে, তিনিচুকীয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত কণ্ডেনচেট চুৰি কৰি চলাই আহিছে ৰমৰমীয়া ব্যৱসায় ৷ গতিকে চহৰখনত অবৈধ ভাবে বিক্ৰী হৈ থকা থীনাৰ বন্ধ কৰিলে ৰোধ হ’ব অইলৰ কণ্ডেনচেট চুৰিকাৰ্য্য় ।

লগতে পঢ়ক:Assam education department: প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত সংগৃহীত গণস্বাক্ষৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.