ETV Bharat / state

মাকুমত বৃহৎ পৰিমাণৰ চোৰাং খাৰুৱা তেল জব্দ - অইলৰ পাইপ লাইন

অইল ইণ্ডিয়া লিমিটেডৰ তেল চুৰিৰ অভিযোগত অইলৰ নিৰাপত্তাৰক্ষীয়ে আটক কৰিছে এজন লোকক ৷ লগতে লোকজনৰ পৰা অইলৰ নিৰাপত্তাৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ চোৰাং খাৰুৱা তেল ৷

oil-security-investigation
মাকুমত বৃহৎ পৰিমাণৰ চোৰাং খাৰুৱা তেল জব্দ
author img

By

Published : Feb 16, 2021, 1:54 PM IST

Updated : Feb 16, 2021, 4:32 PM IST

তিনিচুকীয়া,16 ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ মাকুমৰ গড়বস্তিত বৃহৎ পৰিমাণৰ কোড অইল আৰু কণ্ডেনছেট তেল জব্দ কৰিছে অইলৰ নিৰাপত্তাৰক্ষীয়ে । এক বিশেষ সূত্ৰৰ পম খেদি প্ৰায় 61 বেৰেল তেল জব্দ কৰে অইলৰ নিৰাপত্তাৰক্ষীয়ে ৷

oil-security-investigation
মাকুমত বৃহৎ পৰিমাণৰ চোৰাং খাৰুৱা তেল জব্দ

অইলৰ নিৰাপত্তাৰক্ষী বিষয়া বিমল চেতিয়া আৰু ৰঞ্জিত কুমাৰ মাহাতোৰ নেতৃত্বত চলিছিল এই অভিযান । বিজেপিৰ মাকুম টেংগপানীৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ভোলা শ্বাহ নামৰ ব্যক্তিজনৰ গড়বস্তিত থকা বাসগৃহত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ খাৰুৱা তেল ৷ অইলৰ বিষয়াই জনোৱা অনুসৰি, সোমবাৰে হেবেদা চাহ বাগিচাৰ অইলৰ পাইপ লাইনৰ পৰা তেল চুৰ কৰা এটা চক্ৰক ধৰিবলৈ অভিযান চলাই থকাৰ সময়তে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল ৷

উল্লেখ্য যে, মুছকান ট্ৰেডিং চেণ্টাৰৰ নামত এটা ভুৱা প্ৰতিষ্ঠানৰ জৰিয়তে এই চক্ৰটোৱে বহু দিনৰ পৰা অবৈধ ব্যৱসায় চলাই আহিছে । এই সমগ্ৰ ঘটনাক লৈ এতিয়া স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইফালে প্ৰশাসনেও সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদ

Last Updated : Feb 16, 2021, 4:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.