ETV Bharat / state

তিনিচুকীয়াত অইলৰ পাইপ লাইন বিস্ফোৰণ - পাইপলাইন বিস্ফোৰণ

তিনিচুকীয়াৰ বাঘজানত অইলৰ পাইপ লাইন বিস্ফোৰণ হৈ গেছ নিৰ্গত ৷ নিয়ন্ত্ৰণৰ বাহিৰত নিৰ্গত গেছ ৷ যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা স্থানীয় ৰাইজৰ ৷

Oil pipeline blast tinsukia ongc
তিনিচুকীয়াত অইলৰ পাইপ লাইন বিস্ফোৰণ
author img

By

Published : May 27, 2020, 2:47 PM IST

Updated : May 27, 2020, 4:41 PM IST

তিনিচুকীয়া,27 মেঃ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাত্ৰ পাঁচশ মিটাৰ আঁতৰত থকা অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান অ’চি এছৰ পাঁচ নম্বৰ খাদত, বুধবাৰে পুৱাই অইলৰ চূড়ান্ত গাফিলতিৰ বাবে পাইপলাইন বিস্ফোৰণ হৈ অহৰহ গেছ নিৰ্গত হৈ আছে ৷ দ্ৰুত গতিত নিৰ্গত হোৱা গেছ এই পৰ্যন্ত অইল কৰ্তৃপক্ষই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই ৷ খাদটোৰ এই ভয়ংকৰ ঘটনা দেখি স্থানীয় বাঘজান, দীঘলটং অঞ্চলৰ ৰাইজ তীব্ৰ আতংকিত হৈ পৰিছে ৷

তিনিচুকীয়াত অইলৰ পাইপ লাইন বিস্ফোৰণ

ইপিনে ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগেই ঘটনাস্থলীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰ নেতৃত্বত এটা সজাঁতি দল উপস্থিত হৈ পৰিস্থিতি বুজ লয় ৷ আনহাতে অইল ইণ্ডিয়াৰ অনিয়ম আৰু গাফিলতিৰ বিৰোধিতা কৰি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ তিনিচুকীয়া জিলাত অইলৰ সকলো উৎপাদন, খনন আৰু পৰিৱহণ অনিদিষ্টকাললৈ বন্ধ ঘোষণা কৰে সংগঠনটোৰ সভাপতি অৰুণজ্যোতি মৰাণে ৷

লগতে পঢ়কঃ বিটিচি পৰিৱহণ বিভাগৰ নিযুক্তিত ব্যাপক দুৰ্নীতিৰ অভিযোগ ইউপিপিএলৰ

Last Updated : May 27, 2020, 4:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.