তিনিচুকীয়া,6 মাৰ্চঃ মাকুমৰ টিংৰাই নদীত শুকুৰবাৰে ভাৰতীয় তেল নিগমৰ পাইপ ফুটি বহুসময় ধৰি তেল নিৰ্গত হৈ আছে ৷ ভাৰতীয় তেল নিগমৰ গাফিলতিৰ বাবে নদীখনৰ ওপৰত থকা তেল পৰিবাহী পাইপ ফুটি নিৰ্গত হয় তেল ৷ তেল নিৰ্গত হৈ নদীখনত প্ৰবাহিত হোৱাত দূষিত হৈ পৰিছে নদীখনৰ পানী ৷ কিছুদিন পূৰ্বে দুলীয়াজানৰ বুঢ়ীদিহিং নদীত তেল প্ৰৱাহিত হৈ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল । অনুৰূপ ঘটনা সংঘটিত হোৱাত যথেষ্ট শংকিত হৈ পৰিছে অঞ্চলবাসী ।
উল্লেখ্য যে, নদীখনত প্ৰবাহিত তেল সৰু সৰু পাত্ৰ ব্যৱহাৰ কৰি আহৰণ কৰিবলৈ নিগমটোৱে যৎপৰোনাস্তি চেষ্টা কৰে ৷ ভাৰতীয় তেল নিগমৰ উক্ত কাৰ্যক ধিক্কাৰ জনাইছে স্থানীয় ৰাইজে ৷ নিগমৰ এনে কাণ্ডজ্ঞানহীন ভূমিকাৰ ফলতে যিকোনো মুহুৰ্তত সংঘটিত হ’ব পাৰে কোনো ভয়ংকৰ দুৰ্ঘটনা ৷