ETV Bharat / state

তিনিচুকীয়াত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ চাৰি দুৰ্ধর্ষ NSCN কেডাৰ

লেখাপানী আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত অসম-অৰুণাচল সীমান্তৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ পৰা আটক কৰা হয় চাৰিজনকৈ দুৰ্ধর্ষ উগ্ৰপন্থীক । উগ্ৰপন্থীকেইজনৰ পৰা তিনিটা MQ ৮১ এছল্ট ৰাইফলছ, ২৯৪ টা সজীৱ গুলী, ৭ টা মেগজিন, তিনিটা ম'বাইল ফোন আৰু অন্যান্য শিবিৰ স্থাপন কৰা সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

nscn cadres arrested
তিনিচুকীয়াত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ চাৰি দুধর্ষ NSCN কেডাৰ
author img

By

Published : Aug 11, 2021, 11:03 AM IST

তিনিচুকীয়া, ১১ আগষ্ট : ১৫ আগষ্টলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ইতিমধ্যে ৰাজ্যৰ ঠায়ে ঠায়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । স্বাধীনতা দিৱসৰ (Independence Day) প্ৰাকক্ষণত উগ্ৰপন্থীয়ে কূটাঘাত সংঘটিত কৰাৰ আশংকা কৰি ঠায়ে ঠায়ে আৰক্ষীৰ তালাচী চকী স্থাপন কৰা হৈছে ৷ ইয়াৰ মাজতে পুনৰ উগ্ৰপন্থীৰ লক্ষ্য তিনিচুকীয়াৰ জাগুন । অৱশ্যে এইবাৰ কূটাঘাত সংঘটিত কৰিবলৈ সফল নহ'ল উগ্ৰপন্থীসকল ।

nscn cadres arrested
মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ চাৰি দুৰ্ধর্ষ NSCN কেডাৰ

আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত আটক কেইবাজনো উগ্ৰপন্থী সদস্য । লেখাপানী আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত অসম-অৰুণাচল সীমান্তৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ পৰা আটক কৰা হয় চাৰিজনকৈ দুৰ্ধৰ্ষ উগ্ৰপন্থীক । ৯ আগষ্টৰ নিশাৰ পৰা ১০ আগষ্টৰ গধুলিলৈ চলিছিল এই অভিযান ৷ অভিযানত আটক হোৱা NSCN (KYA) উগ্ৰপন্থী সংগঠনৰ ৪ জন সদস্য হ'ল অচা গেংছা, পুমলা পানছা, পাংলাং গেংছা আৰু জাংগাং পাতাদাম । উগ্ৰপন্থী সদস্যকেইটাৰ পৰা বহু মাৰণাস্ত্ৰ আৰু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ।

উগ্ৰপন্থীকেইজনৰ পৰা তিনিটা MQ ৮১ এছল্ট ৰাইফলছ, ২৯৪ টা সজীৱ গুলী, ৭ টা মেগজিন, তিনিটা ম'বাইল ফোন আৰু অন্যান্য শিবিৰ স্থাপন কৰা সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে ৷ উগ্ৰপন্থী কেইটা গ্ৰেপ্তাৰ হোৱাৰ লগে লগে সমগ্ৰ তিনিচুকীয়া জিলাত অধিক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : অৰুণাচলৰ পূৱ চিয়াং জিলাত ২৪ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.