ETV Bharat / state

নাগালেণ্ডত আছাম ৰাইফলছৰ সৈতে আলফা-এনএছচিএনৰ সংঘৰ্ষ

দেওবাৰে পুৱতি নিশা নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ সৈতে সংঘৰ্ষত লিপ্ত হয় এনএছচিএন আৰু আলফা স্বাধীনৰ এটা দল ৷ 40 আছাম ৰাইফলছৰ এটা পহৰাদাৰী দলৰ ওপৰত বিদ্ৰোহী সংগঠন দুটাৰ 50 জনীয়া দলে চলায় এই ভয়ংকৰ আক্ৰমণ ৷

সংঘৰ্ষস্থলীৰ দৃশ্য
author img

By

Published : Oct 20, 2019, 3:20 PM IST

তিনিচুকীয়া, 20 অক্টোবৰঃ দেওবাৰে পুৱতি নিশা পুনৰ ৰক্তাক্ত হৈ পৰে নাগালেণ্ডৰ মন জিলা ৷ আছাম ৰাইফলছৰ সৈতে সংঘৰ্ষত লিপ্ত হয় বিদ্ৰোহী সংগঠন এনএছচিএন(খাপলাং) আৰু আলফা স্বাধীনৰ এটা 50জনীয়া বিদ্ৰোহীৰ দলে ৷

মন জিলাৰ শ্বেনলইশ্ব বস্তিত সংঘটিত হয় এই ভয়ংকৰ এম্বুশ্ব ৷ 40 আছাম ৰাইফলছৰ এটি পহৰাদাৰী দলৰ ওপৰত লক্ষ্য কৰি পূৰ্বৰে পৰাই খাপ পিটি থকা বিদ্ৰোহীৰ দলটোৱে চলাই এই ভয়ংকৰ আক্ৰমণ ৷ বিদ্ৰোহী দলটোৰ আক্ৰমণৰ ফলত আছাম ৰাইফলছৰ এজন জোৱান গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ৷

সংঘৰ্ষস্থলীৰ দৃশ্য

সমগ্ৰ আক্ৰমণৰ ঘটনাটো আলফা স্বাধীনৰ ইষ্টাৰ্ণ কামাণ্ডৰ কামাণ্ডাৰ নয়ন মেধি আৰু এনএছচিএন (খাপলাং)ৰ কামাণ্ডাৰ ন্যামলাঙৰ নেতৃত্বত হোৱা বুলি সন্দেহ কৰিছে সেনাৰ চোৰাংচোৱাই ৷ ইতিমধ্যে সমগ্ৰ অঞ্চলটো সেনাৰ লগতে আছাম ৰাইফলছে ঘেৰি লৈ তালাচী অভিযান অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ মে' মাহতো মন জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী উষা আৰু তবু নামৰ ঠাইত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল এনএছচিএন(খাপলাং) গোটে ৷ এই আক্ৰমণত আছাম ৰাইফলছৰ দুজনকৈ ৰাইফলমেন শ্বহীদ হৈছিল ৷

STORY:-নাগালেণ্ডত আছাম ৰাইফলচৰ ওপৰত আলফা স্বাধীন আৰু NSCNৰ আক্ৰমণ

তিনিচুকীয়া,২০ অক্টোবৰ:-
দেওবাৰে পুৱতি নিশা ভাৰত- ম্যানমাৰ সীমান্ত নাগালেণ্ডৰ মন জিলাৰ শ্বেনলইশ্ব বস্তিত ৪০নং আছাম ৰাইফলছৰ এটা টহলদাৰী দলৰ ওপৰত আলফা স্বাধীন আৰু NSCN(K)য়ে যৌথভাবে ভয়ংকৰ আক্ৰমণ চলাই৷ তথ্য অনুসৰি ৫০জনীয়া বিদ্ৰোহী দলটোৱে আছাম ৰাইফলচৰ দলটোক লক্ষ্য কৰি ধাৰাসাৰ গুলিবৰ্ষণ চলাই৷ বিদ্ৰোহী দলটোৰ আক্ৰমণৰ প্ৰতুত্তৰ তাৎক্ষণিক ভাবে আছাম ৰাইফলচেও দিয়ে৷ দুই পক্ষৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলি আছাম ৰাইফলচৰ এজন জোৱান গুৰুত্বৰ ভাবে আহত হোৱা বুলি জানিব পৰা গৈছে৷ ইপিনে ধাৰাসাৰ গুলি বৰ্ষণ চলাই বিদ্ৰোহী দলটো ঘন অৰণ্যৰ মাজলৈ পলায়ন কৰে৷ এই সমগ্ৰ আক্ৰমণটো আলফা স্বাধীনৰ ইষ্টাৰ্ণ কামাণ্ডৰ নয়ন মেধি আৰু NSCN(K)ৰ কামাণ্ডাৰ ন্যামলাঙৰ নেতৃত্বত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে সেনাবাহিনীৰ চোৰাংচোৱাই৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ মে মাহত মন জিলাৰ ম্যানমাৰ সীমান্তবৰ্ত্তী উষা আৰু তবু নামৰ ঠাইত ভয়ংকৰ এম্বুছ কৰিছিল NSCN(K)য়ে৷ উক্ত এম্বুছত দুজনকৈ আছাম ৰাইফলছৰ জোৱান শ্বহীদ হৈছিল ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.