তিনিচুকীয়া,১১ ফেব্ৰুৱাৰী: গঠন হ'ল তিনিচুকীয়া জিলা পৰিষদ । সোমবাৰে ২০খন আসনেৰে গঠন হয় তিনিচুকীয়া জিলা পৰিষদখন ।
সোমবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ সভাগৃহত ২০ গৰাকী জিলা পৰিষদ সদস্যই ভোটদানেৰে ২০নং কাকপথাৰ জিলা পৰিষদৰ সদস্য ললিত মৰাণক সভাপতি আৰু ৮নং গোলাই জিলা পৰিষদৰ সদস্য হিৰণ্য দেৱী বৰুৱাক উপ-সভাপতি নিৰ্বাচিত কৰে।
২০খন আসনেৰে গঠন তিনিচুকীয়া জিলা পৰিষদ ইয়াৰ পাচতেই তিনিচুকীয়া জিলা উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিঙে অসম গেছ কোম্পানীৰ অধ্যক্ষ বলীন চেতিয়া, তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কৃষাণ আৰু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনৰ উপস্থিতিত নৱনিৰ্বাচিত সভাপতিসহ নতুন সদস্য সকলক শপত গ্ৰহণ কৰোৱাই দায়িত্বভাৰ অৰ্পণ কৰে। দায়িত্বভাৰ গ্ৰহণ কৰি পঞ্চায়তসমূহৰ উন্নয়নৰ বাবে কৰ্মসূচী হাতত লোৱাৰ বিষয়ে উল্লেখ কৰে নৱনিৰ্বাচিত সভাপতি ললিত মৰাণে।