তিনিচুকীয়া,27 মাৰ্চ: পুনৰ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ তিনিচুকীয়াত ৩৬ জন ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ উপস্থিতি ৷
তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত থকা এটা হোষ্টেলত ধৰা পৰা ক’ভিড ৰোগীসকলৰ ভিতৰত ৩৪ গৰাকী ছাত্ৰী আৰু ২ জন ছাত্ৰী নিবাসৰ কৰ্মী বুলি চিনাক্ত কৰা হৈছে ৷
জানিব পৰা মতে, ক’ভিড আক্ৰান্তসকল হৈছে বৰডুবী পচুভা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী । সকলো ৰোগীকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক: দুলীয়াজানত প্ৰথমবাৰৰ বাবে ১৭ টা ভোট কেন্দ্ৰত নিয়োজিত মহিলা বিষয়া