ETV Bharat / state

ভঙা বেৰৰ গৃহতে চলিছে নামফাই অৰুণোদয় প্রাথমিক বিদ্যালয়ৰ পাঠদান - শিক্ষক নিযুক্তি

অসম চৰকাৰে 30 হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰি আলোড়নৰ সৃষ্টি কৰাৰ সময়তে মাৰ্ঘেৰিটাৰ এখন বিদ্যালয়ত দেখা গৈছে বিপৰীত ছবি ৷ বিদ্যালয় প্ৰাদেশীকৰণ হোৱাটো বাদেই, 1999 চনত স্থাপন হোৱা বিদ্যালয়খনত নাই কোনো চৰকাৰী গৃহৰ সুব্যৱস্থা ৷

ভঙা বেৰৰ গৃহতে চলিছে নামফাই অৰুণোদয় প্রাথমিক বিদ্যালয়ৰ পাঠদান

author img

By

Published : Feb 10, 2021, 8:05 AM IST

মাৰ্ঘেৰিটা,10 ফেব্ৰুৱাৰী: যিটো সময়ত ৰাজ্য চৰকাৰে শিক্ষা বিভাগত আমোল পৰিৱৰ্তনৰ কথা কৈ আহিছে, তেনে সময়তে মাৰ্ঘেৰিটাৰ এখন বিদ্যালয়ত দেখা গৈছে বিপৰীত ছবি ৷ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ জাগুণৰ নামফাই অৰুণোদয় প্রাথমিক বিদ্যালয় প্ৰাদেশীকৰণ হোৱাটো বাদেই, বিদ্যালয় খনত নাই কোনো চৰকাৰী গৃহৰ সুব্যৱস্থা, নাই কোনো ডেক্স-বেঞ্চকে আদি কৰি ছাত্র-ছাত্ৰী সকলৰ মধ্যহ্ন ভোজনৰ ব্যৱস্থা। ভঙা বাঁহৰ বেৰৰ এটি গৃহতে মাটিত বহি শিক্ষকে প্ৰদান কৰি গৈছে পাঠদান ৷

উল্লেখ্য যে, অসম চৰকাৰে যোৱাটো সপ্তাহত প্ৰায় 30 হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰি আলোড়নৰ সৃষ্টি কৰাৰ সময়তে মঙলবাৰে নগাঁৱত জাঙুৰ খাই উঠিছিল ন প্ৰাদেশীকৃত শিক্ষক সকল ৷ কাৰণ বিদ্যালয় প্ৰাদেশীকৰণৰ নামত পদ প্ৰাদেশীকৰণ কৰি আসোৱাঁহ পূৰ্ণ নিযুক্তি প্ৰদানেৰে শিক্ষক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল ৷ কিন্তু ইয়াৰ মাজতেই 1999 চনত স্থাপন হোৱা এই বিদ্যালয়খনে লাভ নকৰিলে কোনো চৰকাৰী সেৱা ৷

লগতে পঢ়ক: বিদ্যালয় প্ৰাদেশীকৰণত ভেঁকো-ভাওনাৰ অভিযোগ প্ৰাথমিক শিক্ষক সন্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.