তিনিচুকীয়া, 7 আগষ্ট : তিনিচুকীয়া লাইপুলি সেনা চাউনীত এগৰাকী সেনা জোৱানৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চাউনীৰ ভিতৰত কৰ্তব্যৰত এগৰাকী জোৱানক অন্য এগৰাকী জোৱানে নিজৰ ৰাইফলেৰে গুলীয়াই হত্যা কৰা বুলি সন্দেহ কৰা হৈছে ৷ মৃত সেনা জোৱান গৰাকীৰ নাম সঞ্জয় চান্দ ৷
সন্দেহ কৰা অনুসৰি, সেনা জোৱান ৰাজেন্দ্ৰ প্ৰসাদে নিজৰ ইনচাছ ৰাইফলৰ ২০ জাই গুলীৰে ঠকা-সৰকা কৰে নায়ক সঞ্জয় চান্দক । বৰ্তমানলৈকে সমগ্ৰ ঘটনাটো সন্দৰ্ভত আৰক্ষী প্ৰশাসনৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে । মৃত জোৱানজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ ভৰ্তি কৰাৰ পাচতে বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া ককৰাতলীলৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক: Tokyo 2021: প্ৰথমটো স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই
উল্লেখ্য যে, দুয়োগৰাকীৰ সেনা জোৱানৰ ৰাইফল তিনিচুকীয়া আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে । তিনিচুকীয়াৰ পানীতোলা থানাৰ আৰক্ষীয়ে জানিব দিয়া মতে, সেনা জোৱান দুজন উত্তৰাখণ্ডৰ একেখন জিলাৰে ।
পানীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী দিন সোণোৱালক এই ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়, এই পৰ্যন্ত এই ঘটনা সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰিব পৰা হোৱা নাই ৷ তদন্ত আৰম্ভ কৰা হৈছে ৷ তদন্তৰ অন্তত হে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি জানিবলৈ দিয়ে আৰক্ষীৰ বিষয়া গৰাকীয়ে ৷
লগতে পঢ়ক: ভয়াৱহ ক’ভিড পৰিস্থিতিৰ মাজতো স্বাস্থ্য কেন্দ্ৰত অনিয়মৰ অভিযোগ