ETV Bharat / state

শোকাকুল পৰিৱেশৰ মাজেৰে আদ্যশ্ৰাদ্ধ সম্পন্ন ঋষভ দত্তৰ

author img

By

Published : Jul 17, 2020, 6:32 PM IST

দীৰ্ঘদিনৰ পৰা APLASTIC ANEMIA নামৰ এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ঋষভে যোৱা 8 জুলাই তাৰিখে বেংগালুৰুস্থিত নাৰায়ণা হাস্পতালত মৃত্যুৰ সৈতে যুঁজি শেষ নিশ্বাস ত্যাগ কৰিছিল ৷

Mournful atmosphere at Rishav Dutta'S house
শোকাকুল পৰিৱেশৰ মাজেৰে আদ্যশ্ৰাদ্ধ সম্পন্ন ঋষভ দত্তৰ

শদিয়া,17 জুলাইঃ শোকাকুল পৰিৱেশৰ মাজেৰে সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে আজি নিজা বাসগৃহত আদ্যশ্ৰাদ্ধ সম্পন্ন হয় ঋষভ দত্তৰ ৷ ডুমডুমা ডনবস্ক হাইস্কুলৰ এগৰাকী মেধাৱী ছাত্ৰ হোৱাৰ লগতে সুন্দৰ কণ্ঠস্বৰৰ গৰাকী আছিল ঋষভ ৷ দীৰ্ঘদিনৰ পৰা APLASTIC ANEMIA নামৰ এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ঋষভে যোৱা 8 জুলাই তাৰিখে বেংগালুৰুস্থিত নাৰায়ণা হাস্পতালত মৃত্যুৰ সৈতে যুঁজি শেষ নিশ্বাস ত্যাগ কৰিছিল ৷

উল্লেখযোগ্য যে,সংগীতৰ প্ৰতি বিশেষ দুৰ্বলতা থকা ঋষভে নিজৰ কণ্ঠৰ যাদুৰে সকলোকে মোহাচ্ছন্ন কৰিছিল ৷ ঋষভৰ চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগতে বিভিন্ন জনে হিয়া উজাৰি সহায় আগবঢ়াইছিল ৷

ইপিনে,আজি আদ্যশ্ৰাদ্ধৰ দিনটোত সাংবাদিকৰ আগত কান্দি কান্দি ঋষভৰ মাতৃয়ে প্ৰকাশ কৰিলে বিগত সাত মাহৰ ঋষভৰ চিকিৎসাৰ বিশদ বৰ্ণনা ৷ মৃত্যুৰ পূৰ্বেও ঋষভে চিকিৎসালয়ত সকলোকে গীত গাই আকৰ্ষিত কৰা বুলিও জানিবলৈ দিয়ে ঋষভৰ মাতৃয়ে ৷ ইয়াৰ উপৰি ঋষভৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা ৰাজ্য চৰকাৰ,স্বাস্থ্য বিভাগ,সংবাদ মাধ্যমকো কৃতজ্ঞতা যাছে ঋষভৰ মাতৃয়ে ৷

লগতে পঢ়কঃকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি বনৰজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.