ETV Bharat / state

তিনিচুকীয়া জিলাৰ বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন মৰাণ ছাত্ৰ সন্থাৰ

নেৰা নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীৰ ফলত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো গৃহহীন হৈছে হাজাৰ হাজাৰ পৰিয়াল ৷ বানৰ কৱলত পৰি ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছে বহু পৰিয়াল ৷

Moran student union visited many relief camp in Tinsukia
তিনিচুকীয়া জিলাৰ বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন মৰাণ ছাত্ৰ সন্থাৰ
author img

By

Published : Jun 27, 2020, 6:31 PM IST

শদিয়া, 27 জুন: ৰাজ্যৰ বিভিন্ন জিলাত আৰম্ভ হৈছে বানৰ বিভীষিকা ৷ নেৰা নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীৰ ফলত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো গৃহহীন হৈছে হাজাৰ হাজাৰ পৰিয়াল ৷ বানৰ কৱলত পৰি ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছে বহু পৰিয়াল ৷ যোৱা চাৰিদিনে তিনিচুকীয়া জিলাৰ পাঁচটাকৈ বিধানসভা সমষ্টিৰ বহু আশ্ৰয় শিবিৰ পৰিৰ্দশন কৰি আশ্ৰয় শিবিৰত থকা সকলৰ অৱস্থাৰ বুজ লৈছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে ৷

তিনিচুকীয়া জিলাৰ বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন মৰাণ ছাত্ৰ সন্থাৰ

শনিবাৰেও নেতাজনে ডুমডুমা, কাকপথাৰৰ প্ৰায় বিশ টাতকৈ অধিক শিবিৰ পৰিদৰ্শন কৰি শিবিৰত থকা লোক সকলৰ অৱস্থাৰ বুজ লয় ৷ লগতে ঠায়ে ঠায়ে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে কৰ'ণা প্ৰতিৰোধকৰ বাবে মাস্ক, ছেনিটাইজাৰ, চাবোন আদি বিতৰণ কৰি ৰাইজক সজাগ, সচেতন হৈ থাকিবলৈ আহ্বান জনায় ৷

বানাক্ৰান্তৰ মনৰ কথা শুনিবনে চৰকাৰে ?

বৰ্তমানলৈকে চৰকাৰ তথা প্ৰশাসনে বহু কেইটা আশ্ৰয় শিবিৰত কোনো ধৰণৰ খাদ্য সামগ্ৰীৰ যোগান নধৰাৰ লগতে শিবিৰত থকা সকলৰ খবৰ এটাও নোলোৱা কাৰ্যক সমালোচনা কৰে নেতাজনে ৷ আনহাতে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিবলৈও দাবী জনায় সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে ৷

লগতে পঢ়কঃ বানে উটুৱাই নিলে বৰতল-নিকৰি সংযোগী গড়কাপ্তানী পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.