ডুমডুমা, 23 জানুৱাৰী : মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰদানৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ ইয়াৰ লগতে বৃহত্বৰ ডুমডুমা আৰু ফিল'বাৰী অঞ্চলৰ জ্বলন্ত সমস্যাসমূহ সমাধান আৰু মাদক দ্ৰৱ্য সমূহ নিবাৰণৰ দাবীত ডুমডুমাত এক জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হয় ।
![MORAN STUDENT UNION PROTEST AT DUMDUMA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10346534_hff.jpg)
সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডুমডুমা আৰু ফিল'বাৰী আঞ্চলিক সমিতিৰ লগতে মৰাণ জাতীয় মহিলা পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত ডুমডুমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখৰ পৰা জোঁৰ সমদল বাহিৰ কৰা সময়তেই জোঁৰ সমদলকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰে । অতি শীঘ্ৰে মৰাণ জনজাতিৰ সংগঠন সমূহৰ এই দাবীসমূহ পূৰণ নকৰিলে পৰৱৰ্তী সময়ত আৰু অধিক জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান ।
লগতে পঢ়ক : জেৰেঙাত সতী জয়মতীক অপমান নকৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান এটোৱা মুণ্ডাৰ