ETV Bharat / state

নৱ-গঠিত মন্ত্ৰীসভা সন্দৰ্ভত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সংবাদমেল

author img

By

Published : May 11, 2021, 7:09 AM IST

ৰাজ্যত নতুনকৈ নিৰ্বাচিত হোৱা মুখ্যমন্ত্ৰীৰ লগতে গঠন হোৱা মন্ত্ৰীসভা সন্দৰ্ভত সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ সংবাদমেল ৷

নৱ-নিৰ্বাচিত মন্ত্ৰীসভাৰ সন্দৰ্ভত দৌ মৰাণ ছাত্ৰ সন্থাৰ সংবাদমেল

তিনিচুকীয়া, 11 মে’: সদ্য ঘোষিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল পাচত বহু প্ৰতিক্ষাৰ অন্তত দেওবাৰে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই ড৹ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰে । ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা নতুন চৰকাৰখন সন্দৰ্ভত সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে সোমবাৰে বৰগুৰিস্থিত বদৌচা ভৱনত এক সংবাদ মেল আয়োজন কৰে ।

উক্ত সংবাদ মেলৰ জৰিয়তে নতুন চৰকাৰ খনক অভিনন্দন জ্ঞাপন কৰে লগতে সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে মৰাণ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভূক্ত স্বায়ত্ব শাসনৰ দাবীসমূহ নৱ-গঠিত চৰকাৰখনক অতি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনায় ।

আনহাতে, অসম বিধান সভালৈ চতুৰ্থ বাৰৰ বাবে নিৰ্বাচিত হোৱা শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াক মন্ত্ৰীত্ব প্ৰদান কৰিবলৈ আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা উত্তৰ-পূৰ্বাঞ্চলৰ বলিষ্ঠ নেতা অৰুণজ্যোতি মৰাণক মৰ্যদা সহকাৰে ৰাজ্য সভাত সাংসদ হিচাপে বিবেচনা কৰিবলৈ দাবী জনাই সদৌ মৰাণ ছাত্ৰ সন্থা ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মালৈ অভিনন্দন সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.