তিনিচুকীয়া , 1 নৱেম্বৰ : অসমৰ 70 টা জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ অংশগ্ৰহণৰে মৰাণ ছাত্ৰ সন্থাৰ বাৰেবৰণীয়া শোভাযাত্ৰাই উদুলি মুদুলি ডিগবৈৰ পদুলি ৷ বদৌচা সমন্বয় ক্ষেত্ৰত দেওবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ একবিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ অন্তিম দিন ৷ অন্তিম দিনাৰ মূল কাৰ্যসূচী অনুসৰি বৰ্ণিল বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰি তোলে তৈলনগৰী ডিগবৈৰ ৰাজপথ ৷
প্ৰায় তিনি কিল'মিটাৰ দৈৰ্ঘৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ থলুৱা, খিলঞ্জীয়া জাতি- উপজাতি, জনজাতি-জনগোষ্ঠীৰ 70 টা সাংস্কৃতিক দল আৰু 10 টা ঐৰাৱতৰ অংশগ্ৰহণেৰে বাহিৰ কৰা শোভাযাত্ৰাই ডিগবৈ ৰিফাইনেৰী খেলপথাৰৰ পৰা চাৰিআলি বজাৰ হৈ ডিগবৈ মুলীয়াবাৰীস্থিত অধিৱেশনথলীলৈ মুঠ 6 কিল'মিটাৰ পথ অতিক্ৰম কৰে ৷
এই বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ অন্তৰ্গত ডিগবৈ ইষ্টাৰ্ণ অইল ফিল্ডৰ প্ৰমুখ প্ৰশান্ত বৰকাকতিয়ে ৷ ইয়াৰ পাচতেই বদৌচা সমন্বয় ক্ষেত্ৰৰ বীৰাংগণা ৰাধা ৰুকুণী স্মৃতি মঞ্চত অনুষ্ঠিত হয় অধিৱেশনৰ অন্তিমখন মুকলি সভা আৰু বঁটা বিতৰণী সভা ৷ সন্ধিয়াৰ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ পাচতেই অধিৱেশনৰ সফল সামৰণি পৰিব ৷
লগতে পঢ়ক: ভাৰতীয় সেনালৈ 20 লাখ টকা দান কৰা কোন এইগৰাকী মহিলা ৰাজনীতিবিদ ?